তিনিচুকীয়াঃ তিনিচুকীয়াৰ পেঙেৰীত বোমাতংক। ডিগবৈ-পেঙেৰী পথত আৰক্ষীথানাৰ পৰা মাত্ৰ ১৫০ মিটাৰ নিলগত বোমা সংস্থাপনৰ সন্দেহত আতংক। লুঙী পৰিহিত সন্দেহজনক এজন লোকক সেই স্থানত প্ৰত্যক্ষ কৰিছিল সেই ৰাস্তাৰে অহা যোৱা কৰা লোকে। পকী পথটোৰ মাজতে লোক জনে গাঁত খান্দি বোমা সংস্থাপন কৰাৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ লগে লগে আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে।
লগতে পঢ়কঃড্ৰাগছ মাফিয়াক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা
ঘটনাস্থলীত পেঙেৰী আৰক্ষী আৰু সেনাবাহিনীৰ দল উপস্থিত হৈ তন্ন-তন্নকৈ পৰীক্ষা কৰিছে। বৰ্তমান বস্তাৰে ঢাকি ৰখা হৈছে গাঁতটো। এই মূহুৰ্তলৈ বোমা বুলি নিশ্চিত হোৱা নাই। ঘটনাস্থলীলৈ ইতিমধ্যে বোমা বিশেষজ্ঞৰ দল ৰাওনা হৈছে। বোমা বিশেষজ্ঞৰ দল উপস্থিত হোৱাৰ পিছতহে নিশ্চিত কৰিব প্ৰকৃততে বোমা হয় নে নহয়।
উল্লেখ্য যে, এমাহৰ পূৰ্বেও সেই স্থানত বোমা উদ্ধাৰ হৈছিল। সেই পথৰে অহা-যোৱা কৰে তহলদাৰী আৰক্ষীৰ দল। সামৰিক বাহিনীক লক্ষ্য কৰিয়ে উগ্ৰপন্থীয়ে কূটাঘাট সংঘটিত কৰাৰ চেষ্টা চলোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।