তেজপুৰঃএক মিনিটত সৰ্বাধিক অসমীয়া সংখ্যা লিখি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল তেজপুৰ দ পৰ্বতীয়াৰ এগৰাকী শিক্ষয়িত্ৰী ।
বিশ্ব দৰবাৰত অসমীয়া সংখ্যা প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে সাধনা অব্যাহত ৰাখি এক মিনিটত ৮১ লৈকে সংখ্যা লিখি কৃচ্ছ্ৰ সাধনাৰে সমগ্ৰ দেশৰ ভিতৰতে জিলিকি উঠিল দ পৰ্বতীয়াৰ বোৱাৰী তথা গনিতৰ শিক্ষয়িত্ৰী ভৈৰৱী তামুলী।
আৰু পঢ়কঃচাৰিদুৱাৰত নদীৰ পাৰত খেলি থকা অৱস্থাত নিখোজ এটি দহ বছৰীয়া শিশু
গ্ৰীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ বাবে নিজকে প্ৰস্তুত কৰি এই কৰোনা অতিমাৰীৰ লকডাউনৰ সময়ছোৱাত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ বাবে এনেদৰে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ পিছত নিজৰ নাম অন্তৰ্ভুক্ত হোৱাত উৎফুল্লিত হৈ পৰে ভৈৰৱী তামুলী।
এই স্বীকৃতি লাভ কৰাৰ পিছতেই ডাক বিভাগৰ জৰিয়তে এই স্বীকৃতিৰ প্ৰমাণ পত্ৰকে ধৰি অন্যান্য সামগ্ৰী সমূহ ঘৰ আহি পোৱাৰ পিছতেই আনন্দত আত্মহাৰা হৈ পৰে শিক্ষয়িত্ৰী গৰাকীৰ লগতে পৰিয়ালৰ লোক । ভৈৰৱী তামুলীৰ এই সাফল্য়ত পৰিয়ালৰ লগতে আনন্দিত তেজপুৰ বাসীয়ো ।