ছিপাঝাৰঃ ছিপাঝাৰৰ ধলপুৰত উপস্থিত হয় কংগ্ৰেছ বিধায়কৰ এটা দল ।

বিধায়ক বসন্ত দাস, জাকিৰ হুছেইন  শিকদাৰ আৰু  দিগন্ত বৰ্মনে চৰ অঞ্চলটোত উপস্থিত হৈ এখন সভাত মিলিত হয় ।

ছিপাঝাৰৰ প্ৰস্তাৱিত গৰুখুটি কৃষি প্ৰকল্পৰ বাবে চৰকাৰে চৰৰ লোকসকলক উচ্ছেদৰ পূৰ্বে পুনঃ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়।

লগতে পঢ়কঃঅসমৰ দুগৰাকী শিক্ষকলৈ ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ শিক্ষকৰ ৰাষ্ট্ৰীয় সন্মান

বিশেষকৈ চৰৰ লোকসকল সম্পূৰ্ণ ভাৰতীয় নাগৰিক বুলি অভিহিত কৰি, এই লোকসকলক দুৰ্যোগৰ মাজলৈ ঠেলি দিয়াটো মানি লোৱা নহব বুলিও প্ৰকাশ কৰে।

চৰকাৰক মানবীয় দৃষ্টি ভংগীৰে সমগ্ৰ বিষয়টো বিবেচনা কৰিবলৈ আহ্বান জনায়।

এইক্ষেত্ৰত কংগ্ৰেছ দলৰ তৰফৰ পৰা মুখ্য মন্ত্ৰীক লগ ধৰি বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰা হ’ব বুলিও প্ৰকাশ কৰে কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply