সোণাৰি: সোণাৰি আৰক্ষীৰ তৎপৰতাত আটক কৰিবলৈ সক্ষম হয় এটা প্ৰৱঞ্চকৰ দলক। চৰাইদেউ পৰিবহন বিষয়াৰ কাৰ্যালয়ত নিজকে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি চিনাকি দি প্ৰৱেশ কৰিছিল প্ৰৱঞ্চকৰ দলটো।

ভুৱা দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে পৰিবহন বিভাগৰ কাৰ্যালয়ত প্ৰৱেশ কৰি বিভিন্ন কামত নিয়োজিত কৰ্মচাৰী সকলক দাবী-ধমকি দি বিভিন্ন নথি-পত্ৰ লণ্ড-ভণ্ড কৰি এক আহুকলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে।

এই সমগ্ৰ ঘটনাক লৈ পৰিবহন বিষয়াৰ সন্দেহ ওপজাত সোণাৰি আৰক্ষীক খবৰ দিয়ে। তাৰপাছত সোণাৰি আৰক্ষীয়ে আটক কৰে প্ৰৱঞ্চকৰ দলটোক।

আটক কৰা প্ৰবঞ্চক কেইটা ক্ৰমে- তিনিচুকীয়াৰ বেংপুখুৰীৰ আলটাব হুচেইন, কৰপতীয়া নামঘৰৰ সঞ্জু দাস, মিছন পাৰাৰ ৰূপম চৌধৰী, নেপালী মন্দিৰৰ মচিম আলি আৰু হিজুগুৰীৰ আলটাফ হুচেইন। প্ৰৱঞ্চক দলটোৰ পৰা জব্দ কৰা হয় এখন নাম্বাৰ প্লেটবিহীন স্ক’ৰপিঅ গাড়ী, সাংবাদ প্ৰতিষ্ঠানৰ ল’গ’ আৰু বিভিন্ন পৰিচয়পত্ৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply Cancel reply