টীয়কঃ যি সময়ত কভিড-১৯ ৰ সংক্ৰমণ হ্ৰাসৰ বাবে চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা ভংগ কৰা এচাম লোকৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছে তেনে সময়ত টীয়কৰ এখন গাঁৱৰ বাসিন্দাসকলে গাঁওখনক কভিড মুক্ত কৰি ৰাখিবৰ গ্ৰহণ কৰা সতৰ্কতা মূলক ব্যৱস্থাই সকলোৰে দৃষ্টি কাঢ়িছে ৷
টীয়কৰ পৰা প্ৰায় ৬ কিলোমিটাৰ নিলগত অৱস্থিত কাৱৈমাৰী গোঁহাই গাঁৱৰ বাসিন্দাসকলে লৈছে এক ব্যতিক্ৰমী পদক্ষেপ।
প্ৰায় চাৰিশ ঘৰ মানুহে বসতি কৰা এই বৃহত্তৰ গাঁওখনৰ গাঁওবাসীয়ে এই মহামাৰীৰ সময়ত একগোট হৈ এই কভিডৰ বিৰুদ্ধে যি সংগ্ৰাম আৰম্ভ কৰিছে তাৰ বাবেই আজি পৰ্যন্ত কোভিড মুক্ত হৈ আছে এই গাওঁখন ৷
যি সময়ত এই গণ সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসনে নতুন নতুন নীতি নিৰ্দেশনা আনিব লগা হৈছে , মাস্ক পৰিধান নকৰিলে জৰিমনা ভৰিব লগা হৈছে সেই সময়ত এই ভিতৰুৱা গাঁৱখনৰ লোকসকলৰ সজাগতাই এক ইতিবাচক সংকেত কঢ়িয়াইছে ৷
উল্লেখযোগ্য যে গাঁওখনত মাস্ক পৰিধানৰ বাবে বিশেষ সজাগতা অনাৰ প্ৰয়াস কৰিছে গাঁওৰক্ষী বাহিনীয়ে ।
আৰু পঢ়কঃ গ্ৰাম্য অঞ্চলৰ বাবে নতুন ক’ভিড-১৯ নিৰ্দেশনা মুকলি
বিভিন্ন ৰাজহুৱা স্থান, দোকান আদিত গাঁওৰক্ষী বাহিনীয়ে সজাগতামূলক পোষ্টাৰ লগোৱাৰ লগতে গাঁওখনৰ প্ৰতিঘৰ মানুহৰ পদূলিয়ে পদূলিয়ে হাত ধোবৰ বাবে চাবোন, পানী ৰখাৰ ব্যৱস্থা কৰিছে যাতে ঘৰত প্ৰৱেশৰ সময়ত সকলোৱে হাত ধুই প্ৰৱেশ কৰে।
গাঁওখনৰ যুৱচাম আৰু বিশেষকৈ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত মাস্ক পৰিধান সামাজিক দূৰত্ব মানি চলা আৰু কভিড প’টকল সম্পৰ্কে গাঁওবাসীক সজাগ কৰা হৈছে ৷ যাৰ ফলতেই গাঁওখন কভিডৰ পৰা মুক্ত কৰি ৰাখিব পাৰিছে বুলি গাওঁবাসীয়ে মতপোষণ কৰিছে ৷
দেশৰ এই জটিল সময়ত নিজৰ সাৱধানতা আৰু সজাগতাই যে এই মহামাৰীৰ পৰা নিজক বচাই ৰাখিব পৰা যায় সেয়া এক প্ৰকাৰ প্ৰমাণ কৰি দেখুৱাইছে টীয়কৰ কাৱৈমাৰী গোঁহাই গাঁৱৰ প্ৰতিটো পৰিয়ালে।