জামুগুৰিহাটঃ মহামাৰী কৰোনাই একাংশৰ জীৱন জীৱিকালৈ আনিলে পৰিবৰ্তন।

কৰোনাৰ দ্বিতীয়টো ঢৌৱত আন বহুতৰ দৰে জামুগুৰিহাটৰ নাহৰবাৰীৰ পুলিন হাজৰিকা নামৰ ব্যক্তিজনৰ হোটেল ব্যৱসায়ীও বন্ধ হৈ পৰাত ব্যক্তিজনৰ পৰিয়াললৈও অনিশ্চয়তা নামি আহিল ।কৰোনাই জীৱিকাৰ সকলো পথ ৰুদ্ধ কৰি পেলোৱাৰ সময়তে তেওঁৰ সৰু পৰিয়ালটো পোহপাল দিয়াৰ বাবে তেওঁৰ পত্নী মৰমী মামনে বাচি ললে কেক প্ৰস্তুত কৰণৰ পদ্ধতি।

মৰমী মামন

জন্মদিন, বিবাহ বাৰ্ষিকী আদিৰ কেক প্ৰস্তুত কৰি, বিক্ৰী কৰি এইগৰাকী মহিলাই এতিয়া আৰ্থিক ভাৱে স্বাৱলম্বী হৈ পৰিছে।

লগতে পঢ়কঃকলিয়াবৰত ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কাণ্ড

নিজ গৃহতে প্ৰস্তুত কৰা এই কেকৰ অৰ্ডাৰ বাবে এতিয়া প্ৰতিদিনেই মৰমী মামনৰ গৃহত ভীৰ কৰে বহু লোকে।

কেক প্ৰস্তুত কৰি বিক্ৰী কৰি মৰমী মামনে এতিয়া মাহেকত উপাৰ্জন কৰে প্ৰায় বিশ হাজাৰৰো অধিক টকা।

নিশ্চিতভাৱে এই গৰাকী মহিলা এতিয়া হৈ পৰিছে আন দহ গৰাকী মহিলাৰ বাবে আদৰ্শ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply