জামুগুৰিহাটঃ ড্ৰাগছৰ লগতে নিচাযুক্ত দ্ৰব্যক ৰোধ কৰাৰ লগতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যক প্ৰচাৰ কৰাৰ বাণী লৈ সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ লৈ যোৱাৰ একমাত্ৰ উদ্দেশ্য আগত ৰাখিয়েই সুদুৰ ছিকিমৰ গেংটকৰ পৰা প্ৰায় ৭০০ কিলোমিটাৰ চাইকেলৰে যাত্ৰা কৰি অসম ভ্ৰমণ কৰিছে এজন যুৱকে ৷
২২ ছেপ্তেম্বৰৰ দিনা যাত্ৰা আৰম্ভ কৰি প্ৰায় ৭০০ কিলোমিটাৰ অতিক্ৰম কৰি ইতিমধ্যে আজি জামুগুৰিহাটত উপস্থিত হয় অনিল ছেত্ৰী। জামুগুৰিহাটত উপস্থিত হোৱাৰ লগে লগে যুৱকজনক অসমীয়াৰ জাতীয় স্বাভিমান ফুলাম গামোছাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে অঞ্চলবাসীয়ে।
অনিল ছেত্ৰীয়ে কয়, ‘অসমৰ মানুহ অতিথি পৰায়ন আৰু সংস্কৃতিবান ৷ অসমৰ প্ৰাকৃতিক পৰিৱেশক লৈ মোহিত হৈছো ।”
অসমৰ পৰম্পৰাগত বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন ইউ টিউবৰ জৰিয়তে ভাৰতবৰ্ষৰ লগতে বিশ্বতে প্ৰচাৰ কৰিয়েই যুৱকজনে অসম ভ্ৰমণ কৰিয়েই যাত্ৰা সামৰণি মাৰিব বুলিও মন্তব্য কৰে ৷