দলগাওঁঃ যুৱ-প্ৰজন্মৰ মাজত জনপ্ৰিয় ম’বাইল গেম হ’ল পাবজী। ভাৰত চৰকাৰে ৰঙা চীনৰ ওপৰত ডিজিটেল ষ্ট্ৰাইক চলাই পাবজীসহ ১১৮ টাকৈ ম’বাইল এপ নিষিদ্ধ কৰিছিল। পিছে ভাৰতত পাবজীৰ নতুন এপ ওলাইছে।
দৰং জিলাৰ বৰগৰা চাহ বাগিছাৰ ইন্দ্ৰ বৰা নামৰ বিশেষভাৱে সক্ষম এজন যুৱকে জিভাৰে পাবজী খেলি চৰ্চিত হৈছে।
পাবজী খেলাৰ এই ভিডি’অ সমূহ তেওঁৰ ADNGamingYT নামৰ ইউটিউব চেনেলটোত লাইভ ষ্ট্ৰিম কৰে।
লগতে পঢ়কঃঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল
ইন্দ্ৰ বৰাৰ পাবজী খেলাৰ ভিডিঅ’ সমূহ সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈছে।
তেওঁৰ ইউটিউব চেনেলটোত মুঠ ৮ লাখ ২৭ হাজাৰ অনুৰাগী আছে । যুৱকজনে বৰ্তমান তেওঁৰ ইউটিউবৰ উপাৰ্জনেৰে পৰিয়ালটোক পোহপাল দি আছে।
মনত ইচ্ছা শক্তি থাকিলে যে সকলোৱে সম্ভৱ তাৰেই এক প্ৰমাণ এই যুৱকজন।