জামুগুৰিহাটঃ কৰোনা সৃষ্ট পৰিৱেশৰ মাজত ঘৰতে আৱদ্ধ থাকি অতি কম সময়ৰ ভিতৰত কলাগুৰু জনাক ৰংঙৰ তুলিকাৰে প্ৰাণ দিছে এজন যুৱকে ৷

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিলৰ বিতুপন ভূঞাই মাত্ৰ তিনি মিনিটতে অংকন কৰিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ চিত্ৰ।

ৰাজ্যত মহামাৰী কৰোনাৰ বাবেই সকলো একপ্ৰকাৰে গৃহবন্দী ৷ তাৰমাজতেই এনেদৰে ব্যতিক্ৰমী ধৰণে জামুগুৰিহাটৰ ধলাইবিলৰ বিতুপন ভূঞাই নিজৰ ঘৰতে নিজৰ শিল্প চৰ্চাৰ অংকন কৰিলে কলাগুৰু জনাৰ চিত্ৰ।

আৰু পঢ়কঃজামুগুৰিহাটত গাহৰি পালনৰ জৰিয়তে স্বাৱলম্বী হৈছে শিৱ শক্তি আত্ম সহায়ক গোটৰ যুৱকসকল

সৰুৰ পৰাই শিল্পচৰ্চাৰ লগত জড়িত বিতুপনে বিভিন্ন সময়ত কাগজ, দেৱাল আদিত ধুনীয়া চিত্ৰ অংকন কৰি আহিছে ৷

তাৰ মাজতে এইবাৰ অতি কম সময়তে সুন্দৰ ভাৱে ৰাভাদেৱৰ চিত্ৰ অংকন কৰি কলাগুৰু জনাৰ প্ৰতি শ্ৰদ্ধা জনোৱা এই অভিনৱ প্ৰয়াস আৰু প্ৰচেষ্টাই সকলোকে আকৰ্ষিত কৰিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply