নাজিৰাঃ কাৰ্টুন চিত্ৰ অংকন কৰি জনপ্ৰিয় হৈ পৰিছে নাজিৰাৰ যুৱক ভাস্কৰ জ্যোতি মহন্ত। নিজৰ ব্যৱসায়িক কৰ্মৰ মাজত সময় উলিয়াই কাৰ্টুন চিত্ৰ আঁকি ভাল পাই যুৱকজনে। নাজিৰাৰ লগতে বিভিন্ন প্ৰান্তৰ সমস্যা সমূহ কাৰ্টুন চিত্ৰ আঁকি আনৰ দৃষ্টি গোচৰ কৰি এটা সুন্দৰ পৰিবেশ গঢ়ি তোলাৰ প্ৰয়াস কৰে ভাস্কৰ জ্যোতি মহন্তই।
যি সময়ত বাহনৰ কৰ সংগ্ৰহ কৰাত আৰক্ষী প্ৰশাসন ব্যস্ত আছিল সেই সময়ত বছৰ বছৰ ধৰি সামান্য মেৰামতিৰ অভাৱত নাজিৰা চাৰিআলিৰ ট্ৰেফিক লাইট কেইটা বিকল হৈ পৰি আছিল, ভাস্কৰ জ্যোতি মহন্তই এখন কাৰ্টুন চিত্ৰ আঁকি সেই সমস্যাতো দৃষ্টি গোচৰ কৰিছিল। সামাজিক মাধ্যমত সেই চিত্ৰখন বিয়পি পৰাৰ পাছত অতি কম দিনৰ ভিতৰতে সেই ট্ৰেফিক লাইট সক্ৰিয় হৈ উঠিছিল।
শেহতীয়াকৈ মূল্যবৃদ্ধিয়ে কেনেকৈ জুৰুলা কৰিছে, পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি হোৱাৰ ফলত কি হ’ব পাৰে সেয়া এখন কাৰ্টুন চিত্ৰ আঁকি সামাজিক মাধ্যমত দিয়াৰ অতি কম সময়ৰ ভিতৰতে বহু মানুহৰ ফেচবুকত শ্বেয়াৰ কৰা দেখা পোৱা গৈছে।
লগতে পঢ়কঃ১৬-১৭এপ্ৰিলত পূৰ্বোত্তৰ প্ৰদেশীয়া মাৰৱাড়ী যুৱ মঞ্চৰ উদ্যোগত ৰঙালী বিহুৰ আয়োজন