নগাঁৱত আৰক্ষীৰ নামত ধন দাবী কৰা এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ নামত ধন দাবী কৰাৰ ফলত ৰঙা ঘৰৰ আলহি হল এই যুৱকজন। নগাওৰ এই যুৱকজনৰ নাম শংকুমণি গোস্বামী।

জানিব পৰা মতে,  আজিৰ পৰা এসপ্তাহ পূৰ্বে নগাঁও আৰক্ষীয়ে মুনমুন হুছেইন নামৰ এজন অধিবক্তাক ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। মুনমুনে আব্দুল ৰহিম নামৰ এজন সহযোগীৰ সৈতে এখন ছুইফট ডিজায়াৰ গাড়ীত ড্ৰাগছ সৰবৰাহ কৰোতেই আৰক্ষীয়ে আটক কৰিছিল।

কিন্তু আব্দুল ৰহিম নামৰ আনজন ড্ৰাগছ সৰবৰাহকাৰীয়ে আৰক্ষীৰ দলটোৰ চকুত ধূলি দি পলায়ন কৰিবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে,  পলাতক আব্দুল ৰহিমক আৰক্ষীৰ গোচৰৰ পৰা দোষমুক্ত কৰাৰ প্ৰলোভন দি শংকুমণি গোস্বামীয়ে ৰহিমৰ পৰিয়ালক ১ লাখ টকা দাবী কৰিছিল। ৰহিমৰ পৰিয়ালে প্ৰথম অৱস্থাত শংকুমণিক ৬০ হাজাৰ টকা আদায় দিছিল।

কিছু দিনৰ পাছত বাকী থকা ধনৰাশি বিচাৰি শংকুমণিয়ে দাবী ধমকি দিয়ে,তেতিয়া তেওঁৰ ওপৰত ৰহিমৰ পৰিয়ালৰ সন্দেহ হয়। আৰু ৰহিমৰ পৰিয়াল নগাঁৱ আৰক্ষী অধীক্ষকৰ ওচৰ চাপে।

ইয়াৰ পিছতে নগাঁৱ আৰক্ষী অধীক্ষক লীনা দলেৰ নিৰ্দেশনাত নগাঁও সদৰ আৰক্ষী অধীক্ষক মনোজ ৰাজবংশীয়ে শংকুমণি গোস্বামীক গ্ৰেপ্তাৰ কৰে আৰু লগতে নগদ ৬০ হাজাৰ টকাও জব্দ কৰে। বৰ্তমান আৰক্ষীৰ নামত দালালি কৰা শংকুমণিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু নগাঁও সদৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply