জামুগুৰিহাটঃ সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাতো কৰোনা মহামাৰীৰ ভয়াবহতাৰ মাজতে পদপথৰ জীৱ-জন্তুৰ লগতে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ কঁপিকুলক খাদ্য যোগান ধৰি মহানুভাৱতাৰ পৰিচয় দিলে জামুগুৰিহাটৰ যুৱক তথা প্ৰকৃতিপ্ৰেমী ৰাজমনি বৰুৱাই।
ক’ভিড -১৯ৰ সময়ত জীৱ-জন্তুৰ বাবে খাদ্যৰ সংকটত পৰিছে । সেয়েহে জামুগুৰিহাটৰ চৈবাৰী যুৱক তথা প্ৰকৃতিপ্ৰেমী ৰাজমনিয়ে নিজৰ জন্মদিনৰ লগত সংগতি ৰাখি দৈনিক ব্যস্ততাৰ মাজতো কিছু সময় উলিয়াই নামেৰী ৰাষ্ট্ৰীয় উদ্যানত থকা কঁপিকুলৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰি কিছু সকাঁহ দিয়াৰ লগতে সকলোকে পদপথৰ জীৱ-জন্তুবোৰক খাদ্য-সামগ্ৰী যোগান ধৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছে প্ৰকৃতিপ্ৰেমী যুৱকজনে।
জন্মদিনৰ দিনা কেক কাটি উদযাপন নকৰি যেন সকলোৱে এনেধৰণে পদপথৰ জীৱ-জন্তুবোৰক খাদ্য-সামগ্ৰী যোগান ধৰে তাৰ প্ৰতিয়ো আহ্বান জনাই যুৱকজনে। এই বিতৰণ কাৰ্যসূচীত ধলাইবিলৰ যুৱক সমীৰণ হাজৰিকাই তেওঁক বিশেষভাবে সহায় সহযোগ কৰে ।