তিনিচুকীয়া : শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু যুৱক-যুৱতীয়ে আলফা (স্বাধীন)ত যোগদান কৰিবলৈ ঢাপলি মেলাৰ খবৰ বিশেষ চৰ্চা লাভ কৰা সময়তে তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ফানেঙ গাঁৱৰ ললিত বৰাৰ ২০ বছৰীয়া পুত্ৰ বিতোপন বৰা সোমাবাৰ পৰা সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে অঞ্চলটোত। যোৱা সোমবাৰে যুৱকজন জাগুন বজাৰলৈ এটা বেগ কিনিবলৈ বুলি ঘৰৰে কাষৰ এজনৰ সৈতে ওলাই গৈছিল।
বজাৰৰ পৰা বেগ কিনি ঘৰলৈ যুৱক ঘূৰি আহি সন্ধিয়া প্ৰায় ৫ মান বজাত যুৱকজনে গৰম টুপী এটা লৈ ঘৰৰ পৰা ওলাই যায়। তেনে সময়তে যুৱকজনক মাতৃয়ে কলৈ যাৱ বুলি সোধাত যুৱকজনে এফালৰ পৰা আহোগৈ বুলি উওৰ দি ঘৰৰ পৰা ওলায় যায়। তাৰ পাছৰে পৰা আজি পৰ্যন্ত কোনো খবৰ নাই যুৱকজনৰ। যুৱকজনৰ পকিয়ালৰ লোকে সোমবাৰৰে পৰা যুৱকজনক বিচাৰি ফুৰিছে যদিও আজি পৰ্যন্ত কোনো সন্ধান পাবলৈ সক্ষম হোৱা নাই বিতোপন বৰা নামৰ যুৱকজনৰ।
খেতি কৰি পিতৃ-মাতৃৰ একান্ত বাধ্য হিচাপে থাকি অহা যুৱক জন হঠাৎ ঘৰৰ পৰা সন্ধানহীন হৈ পৰাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। অৱশেষত পৰিয়ালৰ লোকে বুধবাৰে জাগুন আৰক্ষী চকীত এখন এজেহাৰ দাখিল কৰিছে। ইফালে যুৱকজনৰ সন্দৰ্ভত জাগুন আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে আৰক্ষীও কোনো ধৰণৰ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। সোমবাৰৰে পৰা সন্ধানহীন হৈ থকা যুৱকজনক লৈ ইতিমধ্যে যুৱকজন আলফা স্বাধীনলৈ যোৱা বুলি চৰ্চা চলি আহিছে অঞ্চলটোত।
লগতে পঢ়ক : অসম মিজোৰামৰ সীমা সমস্যাক লৈ গৃহ মন্ত্ৰীৰ সৈতে হোৱা আলোচনাত কি সুত্ৰ ওলাল
যুৱকজনৰ পৰিয়ালৰ মতে যুৱকজন যদি কেনেবাকৈ আলফা (স্বাধীন)ত যোগদান কৰিছে তেন্তে অতি সোনকালে সুস্থ শৰীৰে ঘৰলৈ ঘূৰি আহিব লাগে বুলি কাতৰ আহ্বান জনাইছে যুৱকজনৰ মাতৃয়ে। যদিহে সচাকৈয়ে যুৱকজন আলফা (স্বাধীন)ত যোগদান কৰিছে তেন্তে পুত্ৰক ঘৰলৈ ঘূৰাই পঠিয়াব লাগে বুলি আলফা (স্বাধীন)ৰ নেতা পৰেশ বৰুৱালৈ কাতৰ আহ্বান মাতৃৰ।