ৰূপহীহাট : ‘মানুহে মানুহৰ বাবে, যদিহে অকনো আভাৱে, অকণি সহানুভূতি ৰে ভাবিব কোনেনো কোৱা…’ ভূপেন হাজৰিকাৰ এই গীতটোৰ কথাখিনিয়েই যেন পুনৰ প্ৰমান কৰিলে বৰপেটাৰ দিলুৱাৰ হুচেইন নামৰ এজন যুৱকে। নগাঁও জিলাৰ জুৰীয়াৰ‌ এজন মানসিক বিকাৰগ্ৰস্ত ব্যক্তি নুৰুল হক। কেইবা বছৰ ধৰি সন্ধান নাছিল নুৰুল হকৰ। বৰ্তমান নুৰুল হক উদ্ধাৰ হৈছে সুদূৰ গুজৰাটৰ চুৰাতত।

বৰপেটা জিলাৰ একলাছ ফাউণ্ডেশ্যন নামৰ এটি স্বেচ্ছাসেৱী সংস্থাৰ সভাপতি দিলুৱাৰ হুছেইন নামৰ এজন যুৱক কৰ্মসূত্ৰে গুজৰাটৰ চুৰাটত থাকে। দিলুৱাৰ হুছেইনে চুৰাটৰ পথৰ দাঁতিত ৰৈ থকা মানসিক বিকাৰগ্ৰস্ত নুৰুল হকক প্ৰত্যক্ষ কৰি লোকজনৰ ওচৰ চাপে। মানুহজনক অসমীয়া ভাষাত কথা বাৰ্তা কোৱাত মানুহজন অসমৰ নগাঁও জিলাৰ জুৰীয়াৰ বুলি জানিব পাৰি অসমৰ এজন সাংবাদিকৰ জৰিয়তে যোগাযোগ কৰে দিলুৱাৰ হুছেইনে।

লগতে পঢ়ক : ৰেঙাম সোৱণশিৰি মহাবিদ্যালয়ত অৱনৰি আঞ্চলিক সমিতিৰ বিশেষ প্ৰতিনিধি সভা

মানসিক ৰোগী নুৰুল হকৰ প্ৰকৃত পৰিচয় জানিব পাৰি মানৱ দৰদী দিলুৱাৰ হুছেইনে নুৰুল হকক লগতলৈ শনিবাৰে গুজৰাটৰ পৰা অসমৰ নগাঁও জিলাৰ জুৰীয়ালৈ যাত্ৰা আৰম্ভ কৰিছে বুলি টেলিফোনিক বাৰ্তাত অৱগত কৰিছে দিলুৱাৰ হুচেইনে। দিলুৱাৰ হুচেইনক এই মহৎ কাৰ্যত সহযোগ কৰিছে আব্দুল ছালাম আৰু আশ্ৰাফুল হুছেইনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply