প্ৰবীণ বৰুৱা, মঙলদৈঃ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা বিৰুদ্ধে সৰৱ হৈ উঠিছে আমছু। যোৱা কালি ভৱেশ কলিতাই অসমৰ অবৈধ নাগৰিকসকলৰ সন্দৰ্ভত কৰিছিল এক মন্তব্য। এই মন্তব্যৰে তীব্ৰ বিৰোধিতা কৰিছে আমছুৱে।

দৰাচলতে, ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে আমছুক অসমৰ অবৈধ নাগৰিকসকলৰ অভিভাৱক বুলি আখ্যা দিছিল। ইয়াৰ পাছতে তেওঁৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰিছে আমছুৱে। 

ভৱেশ কলিতাই সংবাদ মাধ্যমৰ এটি সাক্ষাৎকাৰত অসমৰ অবৈধ নাগৰিকৰ সন্দৰ্ভত বক্তব্য আগবঢ়াই কয় যে- অসমৰ অবৈধ নাগৰিকৰ অভিভাৱক আমছু ৷

কলিতাৰ এই বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰি ভৱিষ্যতে এনে ধৰণৰ মন্তব্য নকৰিবলৈ সকীয়নি প্ৰদান কৰাৰ লগতে ভৱেশ কলিতাক তেখেতৰ বক্তব্যক প্ৰমান কৰিবলৈ প্ৰত্যাহ্বান জনাই আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদৰ ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply