প্ৰবীণ বৰুৱা, মঙলদৈ: বদৰুদ্দিন আজমলে নাৰী জাতিৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত যি অশালীন মন্তব্য আগবঢ়াইছে তাক কঠোৰ ভাষাৰে গৰিহণা দিছে আমছুৱে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব সম্পৰ্কে কৰা আজমলৰ এই মন্তব্যই মুছলমান সমাজক লজ্জানত কৰিছে বুলি মন্তব্য কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ উপদেষ্টা আইনুদ্দিন আহমেদে।
আজমলৰ মন্তব্য সংখ্যালঘু সম্প্ৰদায় বা মুছলমানৰ বক্তব্য নহয়। এই মন্তব্যই সমাজত বিভেদ সৃষ্টি কৰিব বুলিও মন্তব্য কৰে আহমেদে।
আনহাতে, মুখ্যমন্ত্ৰীৰ ওপৰত কৰা অশালীন মন্তব্যই সমগ্ৰ অসমবাসীক অপমান কৰিছে বুলি শনিবাৰে মঙলদৈত সাংবাদিকৰ আগত কয় আইনুদ্দিন আহমেদে।
উল্লেখযোগ্য যে, বদৰুদ্দিন আজমলে কৰা মন্তব্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান জনায় ছাত্ৰ সন্থাৰ নেতা গৰাকীয়ে।