গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰীৰ গর্ডন খেলপথাৰত অনুষ্ঠিত এক অনুষ্ঠানত “অন্ন মহােৎসৱ’ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। উল্লেখ্য যে কৰ’না মহামাৰীৰ কালত সমাজৰ দুখীয়া লােকৰ উন্নয়নৰ প্রতি লক্ষ্য ৰাখি প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ উদ্যোগত সমগ্ৰ দেশতে প্রধানমন্ত্রী গৰীৱ কল্যাণ অন্ন যােজনা আৰম্ভ কৰা হৈছিল। এই যােজনা প্রথম পর্যায়ত সফলতাৰে ৰূপায়িত হােৱাৰ পিছত বিগত বর্ষৰে জুলাই মাহৰ পৰা নৱেম্বৰ মাহলৈ দ্বিতীয় পর্যায় আৰম্ভ কৰা হৈছিল। চলিত বৰ্ষত কৰ’না মহামাৰীয়ে সৃষ্টি কৰা সংকট পুনৰ তীব্ৰতৰ হােৱাৰ সময়ত এই আঁচনিৰ অধীনত তৃতীয় পর্যায় আৰম্ভ কৰি এপ্রিল মাহৰ পৰা নৱেম্বৰ মাহলৈ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কার্ড থকা প্ৰতিগৰাকী হিতাধিকাৰীকে ৫ কিলােগ্রামকৈ চাউল যােগান ধৰাৰ ব্যৱস্থা কৰা হৈছে।

মুখ্যমন্ত্রীয়ে আজি এই অন্ন মহােৎসৱ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰ পিছত ১২ অক্টোবৰৰ পৰা ২০ অক্টোবৰ তাৰিখলৈকে খাদ্য, অসামৰিক যােগান আৰু গ্রাহক পৰিক্ৰমা বিভাগৰ অধীনস্থ অসমৰ প্ৰতিখন সুলভ মূল্যৰ দোকানত এই মহােৎসৱ সক্রিয়তাৰে পালন কৰি নাগৰিকৰ খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ পদক্ষেপ লােৱা হৈছে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্ৰী গৰীৰ কল্যাণ অন্ন যােজনা আঁচনিখনৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰি ৰাজ্যখনৰ হিতাধিকাৰীসকলক এই আঁচনিৰ সুবিধা প্রদানৰ উদ্দেশ্যেই এই অন্ন মহােৎসৱ আয়ােজন কৰা হৈছে। তেওঁ কয় যে এই আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ প্রায় ৫৯ লাখ হিতাধিকাৰীক অতিৰিক্তভাৱে ৫ কিলােগ্রামকৈ চাউল প্রদান কৰা হ’ব। মুখ্যমন্ত্রীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে দিয়া প্রতিশ্রুতি মর্মেই ক্ষুদ্র বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ লােৱা হিতাধিকাৰীসকলৰ ঋণ ৰেহাই দিয়াৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা এই ঋণ ৰেহাইৰ প্রক্রিয়া আৰম্ভ হ’ব।

ৰাজ্যখনৰ ১ লাখ যুৱকযুৱতীক সংস্থাপনৰ বাবে দিয়া প্রতিশ্রুতি ৰক্ষা কৰাৰ অৰ্থে ৰাজ্য চৰকাৰে বিভিন্ন চৰকাৰী বিভাগত নিয়ােগ প্রক্রিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে বুলিও তেওঁ কয়। তেওঁ লগতে সদৰি কৰে যে পৰবৰ্তী বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে অৰুণােদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰিব আৰু এই আঁচনিৰ অধীনত প্ৰতিটো সমষ্টিত কমেও ৫ হাজাৰ হিতাধিকাৰীক তালিকাত অন্তর্ভুক্ত কৰি তেওঁলােকে প্রতিমাহে যাতে ১০০০ টকাকৈ লাভ কৰে সেয়া সুনিশ্চিত কৰা হ’ব। অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে নলবাৰী জিলাৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন পৰিকল্পনা হাতত লৈছে আৰু ইয়াৰ আধাৰত ৫০ কোটি টকা ব্যয় সাপেক্ষে প্রায় ২২ বিঘা ভূমিত সংহত জিলা উপায়ুক্তৰ কার্যালয় ভবন নির্মাণ কৰা হ’ব। তদুপৰি, ৫০ কোটি টকা ব্যয় সাপেক্ষে নলবাৰীত এখন অত্যাধুনিক ষ্টেডিয়ামাে নির্মাণ কৰা হ’ব।

লগতে পঢ়ক : লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি

তেওঁ লগতে ঘােষণা কৰে যে কৃত্রিম বানপানীৰ সমস্যাৰ পৰা নলবাৰীৰ জনসাধাৰণক সকাহ প্রদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ১২০ কোটি টাকা ব্যয়েৰে সু-পৰিকল্পিত নলা নর্দমা নির্মাণৰাে সিদ্ধান্ত লৈছে।তেনেদৰে, অঞ্চলটোৰ যাতায়াত ব্যবস্থা উন্নীতকৰণৰ উদ্দেশ্যে বিজুলী ঘাটৰ পৰা তামুলপুৰলৈ পাগলাদিয়া নৈৰ পাৰত থকা মথাউৰিটো পথলৈ ৰূপান্তৰ কৰা হ’ব বুলিও তেওঁ কয়। ইয়াৰ বাবে ব্যয় হ’ব ১৫০ কোটি টকা। নলবাৰীত এটা নতুন আৱর্ত ভবন নির্মাণ কৰা হ’ব বুলিও সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালখনাে আগন্তুক বৰ্ষত জনসাধাৰণৰ সেৱাৰ বাবে মুকলি কৰা হ’ব। অনুষ্ঠানত খাদ্য, অসামৰিক যােগান আৰু গ্রাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, উদ্যোগ আৰু পৰিবহন মন্ত্রী চন্দ্রমােহন পাটোৱাৰী, বিত্ত মন্ত্রী তথা নলবাৰী জিলাৰ অভিভাবক মন্ত্রী অজন্তা নেওগ, সাংসদ কুইন ওজা আৰু দিলীপ শইকীয়া, বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা, বিধায়ক ভবেশ কলিতা তথা বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মাকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply