গুৱাহাটীৰ পৌৰ নিগমৰ নিৰ্বাচনৰ তৃতীয় খন প্ৰাৰ্থী তালিকা ঘোষণা কৰে আম আদমী পাৰ্টীয়ে । মঙলবাৰে দলটোৱে ঘোষণা কৰে ১২ জনীয়া তৃতীয়খন তালিকা । উল্লেখ্য যে প্ৰথম আৰু দ্বিতীয় তালিকাত সৰ্বমুঠ ২৫টা ৱাৰ্ডৰ বাবে প্ৰাৰ্থী নাম ঘোষণা কৰিছিল দলটোৱে ।

প্ৰথমবাৰলৈ গুৱাহাটী পৌৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব লগা আপে বর্তমানলৈ মুঠ ৩৭টা ৱাৰ্ডৰ বাবে ঘোষণা কৰিছে প্ৰাৰ্থীৰ নাম ।আজি দলৰ ৰাজ্যিক কাৰ্যালয়ত ঘোষণা কৰে মতে, ৩নং ৱাৰ্ডত অয়নজ্যোতি দাস, ১৪নং ৱাৰ্ডত স্বপনা দাস ।

১৬ নং ৱাৰ্ডত ৰাম এ পাৰিহৰ, ১৭নং ৱাৰ্ডত কল্লোলিতা নাথ, ১৯নং ৱাৰ্ডত প্ৰতিমা বিশ্বাস বৰ্মন, ৩৯নং ৱাৰ্ডত মহিদুল ইছলাম, ৪২নং ৱাৰ্ডত মাছুমা বেগম, ৪৩নং ৱাৰ্ডত চয়েদা তনুজা ৰহমান, ৪৪নং ৱাৰ্ডত কাৰ্তিক কলিতা, ৪৫নং ৱাৰ্ডত সৰোজিনী ডেকা, ৪৬নং ৱাৰ্ডত অসীম কুমাৰ শৰ্মা আৰু ৪৯নং ৱাৰ্ডত ডাঃ অৰ্পিতা চক্ৰৱৰ্তী ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply