নিউজ ডেস্কঃ আলফা স্বাধীনৰ শিবিৰত অসম আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধ তুলি দুগৰাকী অসমীয়া যুৱকক মৃত্যুদণ্ড দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আম আদমি পাৰ্টীয়ে। এক প্ৰেছ বিবৃতিত আপ, অসমৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে এই ঘটনাক লৈ স্তম্ভিত আৰু হতবাক হৈছে বুলি উল্লেখ কৰিছে।
বিবৃতিখনৰ জৰিয়তে ডাঃ ভবেন চৌধুৰীয়ে কয়- ‘আমি স্তম্ভিত আৰু হতবাক হৈছো। অসমত ১৫ বছৰীয়া কংগ্ৰেছ আৰু ৬ বছৰীয়া শাসনকালত বিজেপি চৰকাৰে আলফা আৰু চৰকাৰৰ মাজত আলোচনাৰ মাজেৰে অসমত শান্তি প্ৰতিষ্ঠা কৰিবলৈ আজিলৈ সক্ষম নহ’ল’
লগতে ডাঃ ভবেন চৌধুৰীয়ে কয়- ‘অসমত আলোচনাৰ মাধ্যমেৰে শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম নোহোৱাৰ পৰিণতিত বহু অসমীয়া ডেকাই আজিলৈকে মৃত্যুবৰণ কৰিবলগীয়া হৈ আছে। মানুহৰ জীৱনক লৈ হেতালি খেলাটো ৰাজ্য চৰকাৰ আৰু আলফা উভয়ৰে নিকৃষ্ট ৰাজনীতি বুলি মন্তব্য কৰি এনে বৰ্বৰতাক একেমুখে ধিক্কাৰ দিবলৈকে আহ্বান জনাইছো।’
‘আম আদমি পাৰ্টীয়ে আলফাৰ মুৰব্বী পৰেশ বৰুৱা আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই দীঘলীয়া সশস্ত্ৰ সংগ্ৰামক যোগাত্মক আলোচনাৰ মাজেৰে সমাপ্ত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আমি বিচাৰো এই বৰ্বৰতা বন্ধ হওঁক’- বুলিও উল্লেখ কৰা হৈছে বিবৃতিখনত।