নিউজ ডেস্কঃ ৰাজ্যৰ পৌৰ সভা নিৰ্বাচনত আপে দখল কৰে দুখন আসন। এই সফলতাৰ পাছতেই দলটোৱে সমাগত গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰিছে। অহা ১৯ এপ্ৰিল, ২০২২ত হ’বলগীয়া এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু হৈছে আম আদমি পাৰ্টী।

উল্লেখ্য যে, ১০ টা ৱাৰ্ডৰ বাবে এই প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে দলটোৱে। আপৰ তালিকা অনুসৰি, ১নং ৱাৰ্ডত ফাৰুক আহমেদ, ২নং ৱাৰ্ডত বিতুৰাজ দাস, ১১নং ৱাৰ্ডত চিনু বড়ো, ২০নং ৱাৰ্ডত কাৰ্তিক সৰকাৰ, ২৬নং ৱাৰ্ডত জয়ন্ত বৰুৱা, ২৭নং ৱাৰ্ডত দেৱব্ৰত বসুমতাৰী, ২৯নং ৱাৰ্ডত দিতুল চন্দ্ৰ বৰুৱা, ৩৮নং ৱাৰ্ডত সৌমিক সেনগুপ্ত, ৫৯নং ৱাৰ্ডত সুদীপ্ত শৰ্মা, ৬০নং ৱাৰ্ডত মিণ্টু মণি শৰ্মাক আম আদমি পাৰ্টীয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোটগণনা হ’ব ২১ এপ্ৰিলত। ১৯ এপ্ৰিলৰ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ ভোটগ্ৰহণ পৰ্ব চলিব আৰু ২১ এপ্ৰিলৰ পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply Cancel reply