গুৱাহাটী, ছৰফৰাজ খানঃ পিপিই কিট কেলেংকাৰীক লৈ উত্তাল ৰাজ্য। সোমবাৰে পিপিই কিট কেলেংকাৰীক লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ সাব্যস্ত কৰে আপে। গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰতো আপ অসমে পিপিই কিট কেলেংকাৰীৰ তদন্তৰ দাবী জনাই বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে।

প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে আপ অসমৰ নেতাৰ এটা দল উপস্থিত হয় লতাশিল থানাত। আপ অসমৰ দলটোৱে লতাশিল থানাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা, ব্যৱসায়ী ঘনশ্যাম ধানুকা আৰু ৰাজীৱ বৰাৰ বিৰুদ্ধে IPCৰ ১২০(খ), ৪২০, ৪০৯ ধাৰা, বেনামী লেনদেন (প্ৰতিৰোধ) আইন, ১৯৮৮ আৰু Prevention of Money Laundering Act, 2002 অধীনত গোচৰ ৰুজু কৰে। আপৰ দলটোৱে অতি শীঘ্ৰে পিপিই কিট কেলেংকাৰীৰ তদন্তৰ দাবী জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply