গুৱাহাটীঃ সোমবাৰে হেঙেৰাবাৰীৰ বিজেপি কাৰ্যালয়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তীব্ৰ সমালোচনা কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘অসমলৈ ৩০২২ চনত যেতিয়া আপৰ চৰকাৰ আহিব তেতিয়া কেজৰিৱাল দুর্নীতি মুক্ত হ’ব।দিল্লীৰ বিধান সভাত অসমৰ মুখ্যমন্ত্ৰীৰ আলোচনা হৈছে সেইটো বহুত ডাঙৰ কথা আগতে পঞ্চায়ত নির্বাচনতো আলোচনা হোৱা নাছিল।’

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কেজৰিৱালক কটাক্ষ কৰি কয়,’ দিল্লীৰ মুখ্যমন্ত্রী অবাস্তব কথাত লাগি আছে। তেওঁ ১২০০ স্কুল চলাই আৰু মই ৪০০০০ স্কুল চলাও।

লগতে কয়, ”আমি ৰাইজৰ হৃদয়ে হৃদয়ে আছো। নিৰ্বাচন যিমান আহে সিমানেই আব্দুল খালেক আৰু শ্বেৰমান আলীয়ে সম্প্রদায়িক কথা ক’বলৈ আৰম্ভ কৰে। নিৰ্বাচন আহিলে মুছলমান প্ৰীতি বাঢ়ে তেওঁলোকৰ।”

ভাৰতৰ ৰাজধানী পাঁচখন ৰাজ্যলৈ সম্প্ৰসাৰণ কৰিব লাগে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে। উত্তৰ-পূব, দক্ষিণ-পশ্চিম সকলোতে ৰাজধানী হ’ব লাগে। অকল দিল্লীৰ মানুহে ভাৰতত অৰিহণা যোগোৱা নাই। অবাস্তৱ কথাকলৈ দিল্লীৰ মুখ্যমন্ত্ৰী ব্যস্ত হৈ আছে। অসমতো এজন কেজৰিৱাল আছে, অসমৰ কেজৰিয়ালক চাই আমুৱাইছে। গতিকে দিল্লীৰ কেজৰিৱালক কোনোৱে নিবিচাৰে।

উল্লেখ্য যে, ২১ আগষ্ট আৰু ২৮ আগষ্টত অসম চৰকাৰে অনুষ্ঠিত কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ নোহোৱা সকলক নিৰাশ হ’বলৈ নিদি মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ উল্লেখ কৰে যে চাকৰি নোপোৱা সকলৰ বাবে আৰু নতুন নতুন পদ ওলাব। অতি সোনকালেই এই সন্দৰ্ভত অসম চৰকাৰে বিজ্ঞাপন মুকলি কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply