বোকাখাত – আম আদমী পাৰ্টিৰ কর্মী বিজয় কুটুমৰ মনোনয়ণ পত্ৰ দাখিল। বোকাখাতত আম আদমী পাৰ্টি তথা আৰটিআই কৰ্মী বিজয় কুটুমে দাখিল কৰিলে মনোনয়ণ পত্ৰ। বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যৰ দ্বিতীয়খন মনোনয়ন পত্ৰ দাখিল বোকাখাতত।
ৰাজ্যত বলিছে গৰম নিৰ্বাচনী বতাহ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। বৰ্তমানলৈকে শাসকীয় বিজেপি আৰু বিৰোধী দল সমূহৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হোৱা নাই যদিও প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যৰ দ্বিতীয়খন মনোনয়ন পত্ৰ দাখিল হ’ল বোকাখাতত।
বোকাখাতত আম আদমী পাৰ্টি তথা আৰটিআই কৰ্মী বিজয় কুটুমে দাখিল কৰিলে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দ্বিতীয়খন মনোনয়ণ পত্ৰ। উল্লেখ্য যে ২০১৬ চনত বোকাখাতত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল বিজয় কুটুমে। ২০১৬ চনত ১,৩৫১ টা ভোট লাভ কৰিছিল আৰটিআই কৰ্মী বিজয় কটুমে।
ইফালে এইবাৰ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিয়ে প্ৰাৰ্থী প্ৰদনা নকৰে বুলি কিছুদিন পূৰ্বে দলটোৱে ঘোষণা কৰিছিল। আম আদমী পাৰ্টিৰ কর্মী বিজয় কটুমৰ মনোনয়ন পত্ৰ দাখিলৰ পিছত আম আদমী পাৰ্টিৰ ফালৰ পৰা জানিবলৈ দিয়ে যে বিজয় কটুমে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে।