নিউজ ডেস্ক :যোৱা কিছুদিন ধৰি বিশ্বজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰি অহা পেগাছাচ স্পাইৱেৰৰ চোৰাংচোৱাগিৰিৰ তালিকাত শেহতীয়াভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সম্মুজ্বল কুমাৰ ভট্টচাৰ্য আৰু আলফাৰ আলোচনাপন্থী গোটৰ নেতা অনুপ চেতিয়াৰ নাম থকাৰ কথা পোহৰলৈ আহিছে।
The Wire-ত প্ৰকাশ পোৱা মতে, ইজৰাইলী কোম্পানী NSO-ৰ চোৰাংচোৱা প্ৰযুক্তিৰ চিকাৰ হোৱা ৩০০ টা ভাৰতীয় লোকৰ ফোন নম্বৰৰ ভিতৰত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু আলফাৰ আলোচনাপন্থী গোটৰ নেতা অনুপ চেতিয়াৰ ফোন নম্বৰো আছে।
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ব্যৱহাৰ কৰা দুটা ফোন নম্বৰৰ এটা পেগাছাচ স্পাইৱেৰৰ চিকাৰ হৈছিল বুলি জানিব পৰা গৈছে। The Wire-ৰ তথ্য মতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত উচ্চ-পৰ্য্যায়ৰ সমিতি গঠন কৰি দিয়াৰ কেইমাহ মান আগতে ভট্টাচাৰ্য্যৰ নম্বৰ উক্ত তালিকাত অন্তুৰ্ভুক্ত হৈছিল।
২০১৯ চনৰ ১৬ জুলাইত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিয়াৰ কথা ঘোষণা কৰিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক অধ্যক্ষ হিচাবে লৈ গঠন কৰা উক্ত সমিতিৰ এগৰাকী সদস্য আছিল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য।
আনহাতে, আলফা-চৰকাৰৰ মাজত শান্তি আলোচনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অনুপ চেতিয়াই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আইনখন বাতিল নকৰিলে শান্তি আলোচনাৰ পৰা ওলাই অহাৰ হুংকাৰ দিছিল।
উল্লেখযোগ্য যে শেহতীয়াভাৱে বাহিৰলৈ অহা এখন তালিকাত বিশ্বৰ ৫০ হাজাৰ লোকৰ নাম প্ৰকাশ পাইছে যি পেগাছাচৰ চোৰাংচোৱাগিৰিৰ সাম্ভাব্য চিকাৰ হৈছে ইয়াত ভাৰতৰ ৪০ গৰাকীতকৈ অধিক সাংবাদিকৰ নামো আছে।
মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পেগাছাচ স্পাইৱেৰৰ বিষয়টোক মোদী চৰকাৰৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ বুলি অবিহিত কৰিছিল। মঙলবাৰে এখন সংবাদমেলত মুখ্য মন্ত্ৰী গৰাকীয়ে এয়া মোদী চৰকাৰৰ বিৰুদ্ধে এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষড়যন্ত্ৰ বুলি মন্তব্য কৰে।
লগতে পঢ়ক : উচ্চ মাধ্যমিকক পিছত, প্রথমে প্ৰাৰ্থমিক বিদ্যালয়সমূহ খোলাৰ পৰামৰ্শ ICMR –ৰ