নিউজ ডেস্কঃ কটন বিশ্ববিদ্যালয়ৰ আছুৰ গোটৰ সদস্যই মঙলবাৰে সংবাদমেল আয়োজন কৰি সদৌ অসম ছাত্ৰ সন্থাক কটন পৰা নিষিদ্ধ কৰা হৈছে বুলি জানিব দিয়ে। আছুৰ কেন্দ্ৰীয় সমিতিয়ে দীৰ্ঘ সময়ৰ পৰা কটন বিশ্ববিদ্যালয়ক বঞ্চনা কৰি অহাৰ উত্থাপন কৰে সংবাদমেলত যাৰবাবে বিশ্ববিদ্যালয়খনৰ আছু গোটটোৰ সদস্যসকলে সমূহীয়া অব্যাহতি লোৱাৰ ঘোষণা কৰে।

সংবাদমেলত আছু গোটৰ সদস্যই জানিব দিয়ে যে, বিগত বহু সময় ধৰি কটন বিশ্ববিদ্যালয়ৰ আছু গোটৰ লগতে ৰজনীকান্ত বৰদলৈ (কছম’পলিটান) ছাত্ৰাবাসৰ বৰ্তমানৰ লগতে পুৰনি আবাসী সকলে যিধৰণে মৰ্যদা পাব লাগে সেইধৰণে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা পোৱা নাই বুলি জনাই।

লগতে, বিশ্ববিদ্যালয়ৰ আছুগোটৰ সৈতে কেন্দ্ৰীয় নেতৃত্বৰে সাংগঠনিক মতবিৰোধৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জনাই।

অনাগত দিনত সদৌ অসম ছাত্ৰ সন্থা অৰ্থাৎ আছুৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ত কোনো অনুষ্ঠান অনুষ্ঠিত নকৰে বুলিও সংবাদমেলত স্পষ্ট মন্তব্য প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে, বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি, সাধাৰণ সম্পাদককে ধৰি বহু কেইটা পদত আছুৰ প্ৰত্যক্ষ সমৰ্থনত জয়যুক্ত হৈছিল। অৱশ্যে, বৰ্তমান লৈকে সদৌ অসম ছাত্ৰ সন্থাৰ কোনো কেন্দ্ৰীয় নেতৃত্বই এই বিষয় মন্তব্য আগবঢ়োৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply