মানকাচৰ – নিৰ্বাচনী গৰম বতাহৰ মাজতে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ। প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দুদিন পূৰ্বে পুনৰ “কা” বাতিলৰ দাবীত প্ৰতিবাদত বহিল আছু। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি “কা” সম্পৰ্কে মন্তব্য প্ৰকাশ কৰিবলৈ প্ৰত্যাহ্বান আছুৰ।
“কা” বাতিলৰ দাবীত বুধবাৰে আছুৱে ৰাজ্যজুৰি অনশন কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত জিলা আছুৱে ১১ ঘন্টীয়া অনশনত বহি বিজেপি চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমৃত শ্বাহক সকিয়নী প্ৰদান কৰি অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি “কা” সম্পৰ্কে মন্তব্য প্ৰকাশ কৰিবলৈ প্ৰত্যাহ্বান জনায়।
পুৱা ১১ বজাৰ পৰা জিলা আছুৰ কৰ্মকর্তা সকলে হাটশিঙিমাৰী কৃষি বিভাগৰ কাৰ্যালয় খেল পথাৰত অনশন কাৰ্যসূচী আৰম্ভ কৰে। “কা” বাতিল কৰিব লাগিব, আছু জিন্দাবাদ, বিজেপি চৰকাৰ হায়, হায়, নৰেন্দ্ৰ মোদী হায় হায়, অমিত শ্বাহ হায় হায়, সৰ্বানন্দ সোনোৱাল, হিমন্ত বিশ্ব শৰ্মা হায় হায় আদি শ্ল’গানেৰে আছু কর্মী সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।