গুৱাহাটী : বাঘজানকাণ্ডৰ মূল অভিযুক্তক পুনৰ নিবিদা প্ৰদান কৰাকলৈ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। এইবাৰ সদৌ অসম ছাত্ৰ সন্থাই বাঘজানকাণ্ডৰ মূল অভিযুক্তৰ নিবিদা বাতিল কৰাৰ দাবী জনাইছে।

বাঘজানকাণ্ডৰ মূল অভিযুক্ত জন এনাৰ্জিৰ নিবিদা বাতিলৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই। অন্যথা ১৪ ডিচেম্বৰৰ পৰা সদৌ অসম ছাত্ৰ সন্থাই ধাৰাবাহিক আন্দোলন কৰাৰ ঘোষণা কৰিছে। ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰতিবাদৰ সন্মুখীন হ’ব অইল কৰ্তৃপক্ষ।

সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই নিবিদা বাতিল কৰাৰ দাবী জনাই প্ৰতিবাদৰ হুংকাৰ দিছে। উল্লেখ্য যে ১৭৫ দিন ধৰি তিনিচুকীয়াৰ বাঘজানৰ বি জি আৰ ৫ নং তৈলখাদত প্ৰাকৃতিক গেছ আৰু কনডেনছেট নিৰ্গমন হোৱাৰ লগতে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিল।

লগতে পঢ়ক  : মহানগৰীৰ বৰাগাঁৱৰ গোসাইগাঁৱত ১১ বছৰীয়া কিশোৰীৰ হত্যা

বাঘজানৰ এই ভয়ংকৰ ঘটনাৰ মূল অভিযুক্ত জন এনাৰ্জি প্ৰাইভেট লিমিটেডক কাৰ স্বাৰ্থ পূৰণ কৰিবলৈ অইলে পুনৰ দুটাকৈ তৈলখাদৰ নিবিদা প্ৰদান কৰিছে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। বুধবাৰৰ ভিতৰত নিবিদা বাতিল নকৰিলে ধাৰাবাহিক আন্দোলন আৰম্ভ কৰিব সদৌ অসম ছাত্ৰ সন্থাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply