মাজুলীঃ মাজুলীৰ ভিন্ন প্ৰান্তত নদীৰ খহনীয়াই তীব্ৰৰূপ ধাৰণ কৰিছে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞা আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য পবিত্ৰ গোস্বামীৰ নেতৃত্বত জিলা ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে মাজুলীৰ বিভিন্ন অংশৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি অসম চৰকাৰ আৰু জলসম্পদ বিভাগৰ বিৰুদ্ধে সৰব হৈ পৰে ৷

কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সূৰ্যকুমাৰ ভূঞাই কয় যে- অসম চৰকাৰ আৰু জলসম্পদ বিভাগৰ অকৰ্মণ্যতাৰ বাবে মাজুলী আজি বিপদৰ গৰাহত৷ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই বিভিন্ন ঠাইত খহনীয়া পৰিদৰ্শন কৰি ঠিকাদাৰক গালি পাৰিয়েই তেওঁৰ দায়িত্ব সামৰিছে ৷ খহনীয়া ৰোধৰ নামত বিফল হৈছে মন্ত্ৰী গৰাকী আৰু তেওঁৰ বিভাগ ৷

আৰু পঢ়কঃচতিয়াৰ দিকৰাইগুড়িৰ দৰিদ্ৰ পৰিয়ালৰ এটি আঠমহীয়া সন্তানৰ চিকিৎসাৰ বাবে আহ্বান

লগতে ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পবিত্ৰ গোস্বামীয়ে কয় যে- অতিশীঘ্ৰে অসম চৰকাৰে মাজুলীক ভৌগোলিক ভাৱে স্থায়ী সুৰক্ষা দিয়াৰ স্বাৰ্থত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰক ৷ মাজুলী সুৰক্ষাৰ দায়িত্বত ব্ৰহ্মপুত্ৰ ব’ৰ্ডক দায়িত্ব অৰ্পন কৰিছিল যদিও ২০০৪ চনৰ পৰা আজি পৰ্যন্ত খহনীয়া ৰোধত ব্ৰহ্মপুত্ৰ ব’ৰ্ড চূড়ান্ত ভাৱে বিফল হৈছে ৷ যাৰ ফল ভোগ কৰিছে খহনীয়াত ঘৰ ভেটি হেৰুৱাই স্থানান্তৰিত হোৱা ভুক্তভোগীয়ে ৷ অন্যহাতে

খহনীয়া অঞ্চল পৰিদৰ্শন কৰি জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দীপক নেওগ আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্ত বিক্ৰম কৈৰীক প্ৰদান কৰি শীঘ্ৰে খহনীয়া ৰোধৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷

জিলা ছাত্ৰ সন্থাৰ সম্পাদক শৰ্মাই লগতে কয় যে- জলসম্পদ বিভাগ আৰু ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ চূড়ান্ত হেমাহিৰ বাবেই খহনীয়াই মাজুলীবাসীক সৰ্বস্বান্ত কৰিছে ৷ অতিশীঘ্ৰে দোষী বিষয়া কৰ্মচাৰীৰ ওপৰতো শাস্তি মূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷ তাৰ উপৰি নামনি মাজুলীৰ বৃহত্বৰ চামগুৰি অংশৰ লগতে কমলাবাৰী ঘাট, ভকতচাপৰি, শালমৰা আৰু অফলামুখ অংশৰ খহনীয়া তাৎক্ষণিক ভাৱে ৰোধৰ ব্যৱস্থা কৰি জনসাধাৰণৰ জীৱন সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছে ছাত্ৰ সংগঠন টোৱে ৷

খহনীয়া অঞ্চল পৰিদৰ্শনৰ কালত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞা, আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পবিত্ৰ গোস্বামী, জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত দীপক নেওগ সাধাৰণ সম্পাদক বিতোপন শৰ্মা নামনি মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰংগৰস মহন্ত সাধাৰণ সম্পাদক পীতাম্বৰ দাস উপস্থিত থাকে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply