গুৱাহাটীঃ কোভিড সৃষ্ট পৰিৱেশৰ মাজত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাকলৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে।

শুকুৰবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত ‘আছু’ৰ কেন্দ্ৰীয় নেতৃত্বই ‘ছেবা কৰ্তৃপক্ষ’ৰ সৈতে পুনৰ এক বৈঠকত মিলিত হয় ৷

কোভিডৰ এই জটিল পৰিস্থিতিত ছাত্ৰ-ছাত্ৰী, অভিভাৱক মানসিক চাপত আছে।তালৈ লক্ষ্য ৰাখি অতি সোনকালে পৰীক্ষাৰ সন্দৰ্ভত স্থিতি ৰাজহুৱা কৰিবলৈ ছেবাক আহ্বান জনায় আছুৱে।

স্বাস্থ্যবিভাগৰ পৰা অনুমতি পালে ‘ছেবা’ই পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব আছুক জনোৱাৰ লগতে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ছেবা সাজু বুলিও জানিবলৈ দিয়ে৷

আৰু পঢ়কঃকলিয়াবৰৰ শালনা চাহ বাগিচাৰ কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতি

পৰীক্ষাৰ বাবে ২৩২ টা নতুন চেণ্টাৰ খোলাৰ বাবে ব্যৱস্থা কৰিছে ছেবা কৰ্তৃপক্ষই।

কৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ মাজত ছাত্ৰ ছাত্ৰীসকলৰ যাতে কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আছুৱে ছেবাক আহ্বান জনাইছে।

পৰীক্ষাকেন্দ্ৰত মাস্ক, ছেনিটাইজাৰ যোগান ধৰিবলৈও ‘আছু’ৱে ছেবাক আহ্বান জনাইছে ৷



Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply