অফলাইন পৰীক্ষা পাতি পৰীক্ষাৰ্থীক শংকিত নকৰিবলৈ আহ্বান আছুৰ সভাপতিৰ ৷ HSLC আৰু HS পৰীক্ষা সন্দৰ্ভতো উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী ৷
আনহাতে UG আৰু PG পৰীক্ষা সন্দৰ্ভতো আছুৰ সভাপতি দিপাংক কুমাৰ নাথে মন্তব্য প্ৰকাশ কৰি কয় যে, UG, PG সকলো পৰীক্ষা কি পদ্ধতিৰে হ’ব সেয়া নিশ্চিত কৰক গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ৷
হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ক্ষেত্ৰত তাৎক্ষণিক ভাৱে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সংবাদমেলত ছেবা আৰু অসম উচ্চ মাধ্যমিক শিক্ষা পৰিষদক আহ্বান জনালে আছু সভাপতি গৰাকীয়ে ৷
এই ক্ষেত্ৰত যাতে ছাত্ৰ-ছাত্ৰীসকলে দোমোজাত থাকিব নালাগে তাৰ বাবেও শীঘ্ৰে ব্যৱস্থা কৰিব লাগে বুলি দাবী কৰে সভাপতি গৰাকীয়ে ৷
সংবাদমেলত মূল্যবৃদ্ধিক লৈয়ো তীব্ৰ প্ৰতিক্ৰিয়া সদৌ অসম ছাত্ৰ সন্থাৰ৷ শীঘ্ৰে মূল্যবৃদ্ধি ৰোধৰ দাবী চৰকাৰলৈ ৷লগতে কৰোনা কালত ৰাজ্যবাসীক সাৱধান হ’বলৈ আহ্বান জনালে আছুৱে ৷
সকলোকে ভেকচিন লোৱাৰ আহ্বান সভাপতি দীপাংক কুমাৰ নাথৰ ৷