সোণাৰি,লখিমপুৰঃ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোণাৰি আৰু লখিমপুৰত আছুৰ তীব্ৰ প্ৰতিবাদ।
সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰপৰা সোণাৰি নগৰত চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদল।
খাদ্যবস্তু, অত্যাৱশ্যকীয় সামগ্ৰী, পেট্ৰল-ডিজেল তথা ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধৰ দাবী আছুৰ।
সদৌ চৰাইদেউ জিলা ছাত্র সন্থাৰ অন্তৰ্গত কেইবাখনো আঞ্চলিক সমিতিৰ অংশগ্ৰহণ।
লগতে পঢ়কঃচাৰিলেন যুক্ত পথ নিৰ্মাৰ্ণৰ নামত ৫০০০ জোপা শাল গছ ক’ত কাটিবলৈ ওলাইছে অসম চৰকাৰ
ইফালে, সদৌ অসম ছাত্র সন্থাৰ আহ্বান ক্ৰমে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে লখিমপুৰ আৰু ধেমাজিতো আছুৰ প্ৰতিবাদ। লখিমপুৰ জিলা ছাত্র সন্থাই উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটেৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷
মূল্যবৃদ্ধিয়ে ৰাইজক নাজল নাথল কৰাৰ পাছতো শুই থকা বুলি যোগান বিভাগক ধিক্কাৰ দি প্ৰতিবাদ কাৰী সকলে কয় চৰকাৰ খনে এতিয়া ৰাইজৰ পক্ষ এৰি বনিয়াৰ পক্ষ লৈছে।