নিউজ ডেস্কঃ ৰাজ্যখনৰ সাধাৰণ জনতা এতিয়া ৰঙালীৰ সময়ত কঙালী হোৱালৈ গতি কৰিছে।কাৰণ নিত্য ব্যৱহাৰ হোৱা খাদ্যসামগ্ৰী, জীৱন দায়িনী ঔষধ, খাৰুৱা তেল, ৰন্ধন গেছকে ধৰি সকলো সামগ্ৰীৰ এতিয়া আকাশলংঘী মূল্যবৃদ্ধি হৈছে।
চৰকাৰৰ লগতে যোগান বিভাগৰ ফালৰ পৰা কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই তাৰ বিপৰীতে একাংশ চৰকাৰৰ বিধায়ক-মন্ত্ৰীয়ে উপলুঙা মন্তব্য কৰা পৰিলক্ষিত হৈছে।
আজি সমগ্ৰ ৰাজ্য খনৰ লগতে যোৰহাট ছাত্ৰ সন্থাইয়ো মূল্যবৃদ্ধিৰ বিৰুদ্ধে সত্যাগ্ৰহ কাৰ্যসূচীৰে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।যোৰহাট জিলা ছাত্র সন্থাই ষ্টেডিয়ামৰ চৌহদৰ পৰা সমদল কৰি উপায়ুক্ত কায্যলয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে মাজুলীতো জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ। প্ৰতিবাদকাৰী সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে বিশাল সত্যাগ্ৰহ কাৰ্যসূচী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।