নিউজ ডেস্ক: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে৷ গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰতো অনশন কাৰ্যসূচীৰে কামৰূপ (মঃ) জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছে৷
ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ কাইলৈ বিয়লী সামৰণি পৰিব । এইবাৰৰ নিৰ্বাচনত কা আন্দোলনে বিশেষ প্ৰভাব পেলাব বুলি আশা কৰিছিল যদিও কাৰ্যত সেইয়া হৈ নুঠিল | ইয়াৰ সমান্তৰালকৈ ৰাজ্যত পুনৰ কা আইনক লৈ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত কা’ বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আহ্বানমৰ্মে জিলা ছাত্ৰ সন্থা সমূহে ১১ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে।
আছুৰ নেতৃত্বত জিলা তথা আঞ্চলিক কাৰ্যালয়ত ‘কা’ৰ বিৰোধীতাৰে অনশনত অংশ লৈছে সংগঠনটোৰ নেতা কৰ্মীয়ে৷ আজি পুৱা ৫ বজাৰ পৰা আবেলি ৪ বজালৈ চলিব এই অনশন কাৰ্যসূচী৷
আছুৰ প্ৰতিবাদী কাৰ্যসূচী, ‘কা’ বাতিলৰ দাবীত এঘাৰ ঘন্টীয়া অনশন
আছুৰ নেতৃত্বত জিলা তথা আঞ্চলিক কাৰ্যালয়ত ‘কা’ৰ বিৰোধীতাৰে অনশনত অংশ
