গুৱাহাটী – সদৌ অসম ছাত্র সন্থাৰ প্রতিনিধি সভাই পুনৰ সিদ্ধান্ত ল’লে তেওলোকৰ ‘কা’ বিৰুদ্ধে চলি থকা প্ৰতিবাদ অব্যাহত থাকিব। ২৪ মাৰ্চত ৰাজ্যৰ প্রতিখন জিলাত অনশন কাৰ্যসূচী পালন কৰিব আছুৱে। অহা ৩ এপ্রিলত মূল্যবৃদ্ধিৰ বিৰুদ্ধে পদযাত্রা আৰম্ভ কৰিব আছুৱে। শেহতীয়া ৰাজনৈতিক প্রেক্ষাপটত আছুৱে পুনৰ আঞ্চলিক ৰাজনৈতিক শক্তিৰ উত্থানৰ বাবে আহ্বান জনাইছে ৰাইজক।
আছুৱে কংগ্রেছ, বিজেপি, এআইইউডিএফ, অগপৰ বিৰুদ্ধে ৰাইজক সজাগতা সৃষ্টি কৰাৰ সিদ্ধান্ত লৈছে । অসম আন্দোলনৰ পটভূমিত জন্ম হোৱা অগপই নিজৰ সত্তা হেৰুৱাইছে সেইবাবেই আঞ্চলিক ৰাজনৈতিক শক্তিক আগুৱাই নিয়াত আছুৱে সহায় কৰাৰ সিদ্ধান্ত লৈছে। আছুৰ প্ৰথম খন কাৰ্যনিৰ্বাহকত সমুজ্জল ভট্টাচাৰ্যক মুখ্য উপদেষ্টা হিচাবে দায়িত্ব অৰ্পন কৰিছে |