সোণাৰিত আছুৰ প্ৰতিবাদ

নিউজ ডেস্ক: বৃহৎ নদীবান্ধৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম ছাত্র সন্থা।সদৌ চৰাইদেউ জিলা ছাত্র সন্থাই সদৌ অসম ছাত্র সন্থাৰ আহ্বানত আজি সোণাৰিত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। সোণাৰিৰ লাচিত উদ্যানৰ সন্মুখত বৃহৎ নদীবান্ধ বিৰোধীতাৰে বিজেপি বিৰোধী শ্ল’গান দি সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য সকলে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

নামনি সোৱণশিৰী নদীবান্ধ প্ৰকল্পকে ধৰি আন আন বৃহৎ নদীবান্ধ সমূহৰ নিৰ্মাণ শীঘ্ৰে বন্ধ কৰাৰ দাবীত আজি এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি শাসনত থকা বিজেপি চৰকাৰে অনতিপলমে ব্যৱস্থা গ্ৰহণ নকৰিলে নদীবান্ধ বিৰোধী বিষয়ত ৰাজ্য স্থৱিৰ কৰি তোলাৰ হুংকাৰ দিয়ে ছাত্র সন্থাৰ কৰ্মীসকলে।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি বৃহৎ নদীবান্ধ বন্ধৰ দাবীত মঙলদৈত সদৌ দৰং জিলা ছাত্ৰ সন্থাই এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সোমবাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি বৃহৎ নদীবান্ধ বন্ধৰ দাবীত মঙলদৈৰ পৰিবহণ কাৰ্যালয়ৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সদৌ দৰং জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।


এই বিক্ষোভ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া উপস্থিত থাকে।, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা, উপদেষ্টা কৰুনা বৰুৱা, মঙলদৈ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি শুচিব্ৰত শইকীয়া, সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি ডেকা ৰ নেতৃত্বত দৰং আছু ৰ বিষয়ববীয়া, বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাৰ লগতে ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে চৰকাৰ বিৰোধী শ্লোগান দি আকাশ বতাহ উত্তাল কৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি বৃহৎ নদী বান্ধ সমুহৰ নিৰ্মাণ অতি শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনায়।

লগতে পঢ়ক-ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত জিলিকিল অসম; ‘ৰণুৱা’লৈ ৰজতকমল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply