টীয়ক: সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ আহ্বানত অত্যাৱশ্যকীয় সামগ্ৰীৰ আৰু লগতে পেট্ৰল, ডিজেল, ৰন্ধন গেছকে ধৰি ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে টীয়কত ।
টীয়ক ছাত্ৰ সংস্থা, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা , কাকজান আঞ্চলিক ছাত্ৰ সন্থা, চেলেংহাট আঞ্চলিক ছাত্ৰ সন্থা, লাহিং ছাত্ৰ সন্থা ৰ উদ্যোগত টীয়ক ৰাজ্যিক বাছ আস্থানৰ সমীপৰ পৰা টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয় লৈকে এক প্ৰতিবাদী ৰেলী বাহিৰ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে।
দেশৰ পেট্ৰলিয়ামৰ মন্ত্ৰীলৈ টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ যোগেদি এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।উল্লেখযোগ্য যে প্ৰতিবাদকাৰীসকলে ৰাজ্যৰ যোগান মন্ত্ৰীগৰাকীক সামগ্ৰী মূল্যবৃদ্ধিৰ ৰোধৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বুলি অভিহিত কৰে ।
কভিড সৃষ্ট পৰিবেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক কোঙা কৰিছে বুলি সদৰি কৰি এই ক্ষেত্ৰত ৰাজ্যৰ যোগান বিভাগক এক সু-ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
লগতে পঢ়ক অবাধ্য ভিনেশ ফ’গাটক কাৰণ দৰ্শোৱাৰ জাননী