টীয়কত ডেইৰি ফাৰ্ম পুনৰোজ্জীৱিত দাবীত ধৰ্মঘট

স্মৃতিপ্ৰিয়া লাহন, টীয়ক: যোৰহাট জিলাৰ টীয়কৰ কলিয়াপানীত বৰ্তমানে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা দুগ্ধ পাম,দুগ্ধ উৎপাদন কেন্দ্ৰ আৰু শুক্ৰ উৎপাদন কেন্দ্ৰৰ পুনৰোজ্জীৱিত কৰাৰ দাবীত সোমবাৰে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে ।

পশুপালন বিভাগৰ তত্বাৱধানত কলিয়াপানীত প্ৰতিষ্ঠা কৰা দুগ্ধ পাম খনে নব্বৈৰ দশকত যোৰহাট জিলাৰ লগতে কাষৰীয়া শিৱসাগৰ জিলাৰো প্ৰয়োজনীয় দুগ্ধৰ চাহিদা পূৰণ কৰিছিল । কিন্তু বিভাগৰ প্ৰয়োজনীয় পৰিকল্পনাৰ অভাৱৰ বাবেই এই অনুষ্ঠান কেইটা বৰ্তমান ধ্বংসৰ গৰাহত ।

যোৰহাট জিলা ছাত্ৰ সন্থা আৰু টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

প্ৰচুৰ সম্ভাবনা থকা এই প্ৰকল্প কেইটাৰ পুনৰোজ্জীৱিত কৰিবৰ বাবে টীয়ক আঞ্চলিক ছাত্র সন্থাই বহুবাৰ বিভাগৰ কৰ্তৃপক্ষক আবেদন কৰিও সুফল নোপোৱাত ছাত্ৰ সন্থাই এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰে । যি সময়ত বৰ্তমানৰ ৰাজ্য চৰকাৰ খনে নতুন নতুন প্ৰকল্প স্থাপনৰ পৰিকল্পনা কৰিছে সেই সময়ত এনে উৎপাদন মুখী প্ৰকল্প সমূহৰ জৰাজীৰ্ণ ৰূপে চৰকাৰৰ ফোপোলা স্বৰূপ উদঙাই দেখুৱাইছে ।

ছাত্র সন্থাই দাবী কৰিছে নতুন প্ৰকল্প গ্ৰহন কৰক কিন্তু সামান্তৰালকৈ জৰাজীৰ্ণ এই প্ৰকল্প সমূহ পুনৰোজ্জীৱিত কৰি নিবনুৱা সকলক সংস্থাপনৰ ব্যৱস্থা কৰাত সমানে গুৰুত্ব আৰোপ কৰক।

লগতে পঢ়ক হোজাইত ব্ৰাউন ছুগাৰ সহ তিনি যুবকক আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply