গুৱাহাটীঃ শনিবাৰে গুৱাহাটীত আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে কাঁহী-বাতি, কান্ধত চিলিণ্ডাৰ, ডিঙিত আলু-পিয়াঁজৰ মালা পিন্ধি মূল্যবৃদ্ধি ৰোধ কৰা দাবীৰে উত্তাল প্ৰতিবাদ আছুৰ।

সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ নেতৃত্বত আছুয়ে বিশাল প্ৰতিবাদী সমদল উলিয়ায়। আছুৰ এই পদযাত্ৰাত অংশগ্ৰহণ কৰে একাংশ বয়োজ্যেষ্ঠ মহিলাকে ধৰি প্ৰায় তিনি শতাধিক আছু কর্মী ছাত্ৰ-ছাত্ৰীয়ে।

মূল্যবৃদ্ধি ৰোধ কৰক, সৰ্বানন্দ সোণোৱাল হায় হায়, বিজেপি চৰকাৰ মুর্দাবাদ, ক’লা বেপাৰী হুচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰী সকলে উত্তাল কৰিলে বাট-পথ।

লতাশিলৰ শ্বহীদ ন্যাসৰ পৰা জজ ফিল্ড হৈ দীঘলীপুখুৰী পাৰেৰে লতাশিল আৰক্ষী থানাৰ সন্মুখেৰে শ্বহীদ ন্যাসলৈ উভতি আহে প্ৰতিবাদী আছু কর্মীসকল।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ গুৱাহাটীৰ আছু সভাপতি আনোৱাৰ হুছেইন, ৰজমিল আলী প্ৰমুখ্যে আছু শীৰ্ষ নেতৃবৃন্দই।

উল্লেখ্য যে, শুকুৰবাৰে মহানগৰীত অসম যুৱ ছাত্ৰ পৰিষদেয়ো মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply