নলবাৰী : সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৃহস্পতিবাৰে নলবাৰী জিলা পি এন চি ৰোড (নাট্য মন্দিৰ)ৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী।
পেট্ৰল-ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰ আৰু যোগান বিভাগৰ চূড়ান্ত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে।নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মণ আৰু সাধাৰণ সম্পাদক নৱ কুমাৰ ডেকাৰ নেতৃত্বত ছাত্ৰ সন্থাৰ কৰ্মীয়ে হাতে হাতে ফেষ্টুন লৈ বিক্ষোভ কাৰ্যসুচী ৰূপায়ন কৰে।
লগতে পঢ়ক : সময়ৰ সোঁতত ক্ৰমাৎ হেৰাই যাব নেকি মাজুলীৰ মুখা শিল্প?
প্ৰতিবাদস্থলিত প্ৰতিবাদ কাৰী সকলে কেন্দ্ৰীয় চৰকাৰ হায়!হায়!, অসম চৰকাৰ হায়! হায়! , পেট্ৰলিয়াম মন্ত্ৰী হায়! হায়!, প্ৰধানমন্ত্ৰী হায়! হায়!, মূখ্যমন্ত্ৰী হায়! হায়!, যোগানমন্ত্ৰী হুচিয়াৰ, যোগান বিভাগ হায়! হায়! অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰক, পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰক, বিজেপি চৰকাৰ হুচিয়াৰ, ৰন্ধন গেছৰ মূল্যবৃদ্ধি হ্ৰাস কৰক, জনবিৰোধী চৰকাৰ হুচিয়াৰ আদি শ্লোগানেৰ প্ৰতিবাদ স্থলি উত্তাল কৰে।