যোৰহাট- অহা ২০মাৰ্চত ‘কা’ৰ বিৰুদ্ধে আকৌ গুজৰি উঠিব আছু।

সোমবাৰে যোৰহাটত এক সংবাদমেল যোগে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্রীয় সভাপতি দীপাংক নাথে এই বিষয়ে উল্লেখ কৰে।

ৰাজ্যৰ প্ৰতিখন শাখা আৰু আঞ্চলিকত এই কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলি সভাপতি গৰাকীয়ে জনাইছে।

সংবাদ মেলত উপস্থিত থাকে আছুৰ কেন্দ্রীয় সম্পাদক দীপাংক নাথৰ লগতে কেন্দ্রীয় সহকাৰী সম্পাদক জুল খাউণ্ড, যোৰহাট জিলা সভাপতি বিজয় শংকৰ বৰদলৈয়ো উপস্থিত থাকে।

সংবাদমেলত আছুৰ কেন্দ্রীয় সম্পাদক গৰাকীয়ে ৰাজনৈতিক দল সমূহক কাৰ বিষয়ে স্থিতি নিশ্চিত কৰিবলৈ আহ্বান জনাই বিজেপিৰ নিৰ্বাচনী ইস্তিহাৰত ”কা” বাহাল থাকিব বুলি উল্লেখ কৰিছে।

ৰাজনৈতিক দলৰ নেতাসকলৰ ধৰ্মীয় মেৰুকৰণে জাতিটো ভাঙোন আনিবলৈ চেষ্টা কৰিছে বুলি উল্লেখ কৰি ধৰ্মীয় মেৰুকৰণৰ ৰাজনৈতিক দল সমূহক উৎখাত কৰিবলৈ আহ্বান জনাই আছুৰ কেন্দ্রীয় সভাপতি দীপাংক নাথে।

এই বিৰোধিতাৰ কাৰ্য্যসূচীৰ সময়ত যান-বাহনৰ নিয়ম মানি চলিহে অনুষ্ঠিত কৰিবলৈ আহ্বান জনাই সভাপতি গৰাকীয়ে।

ইয়াৰ পাছতেই গুৱাহাটীত ২১ মাৰ্চত ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভা আৰু ২২ মাৰ্চত প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব বুলিও তেওঁ সংবাদমেলত উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply