আজি গুৱাহাটীৰ জয়ানগৰত নৱনিৰ্মিত আটাছুৰ কেন্দ্ৰীয় কাৰ্যালয় সহিতে টাই আহোম সাংস্কৃতিক বিকাশ আৰু গৱেষণা কেন্দ্ৰৰ ভৱন মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানটো ৰাইজৰ সেৱাত উৎসৰ্গা কৰাৰ শুভ মুহূৰ্তত টাই-আহোমসকলৰ পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান ‘বান ফি’তো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে।
ৰাজ্যখনৰ সামাজিক-সাংস্কৃতিক জীৱনৰ সমৃদ্ধিত আটাছুৱে সদায়েই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়েস্বৰ্গদেউ চাও-লুঙ-চ্যুকাফাৰ সময়ৰ পৰাই টাই-আহোম সমাজে বৃহত্তৰ অসমক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ কথা উদ্ধোধনী ভাষণত উল্লেখ কৰে।
ইয়াৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে আমাৰ চৰকাৰ টাই-আহোম জনগোষ্ঠীৰ কল্যাণৰ বাবে কাম কৰি যোৱাত বদ্ধ পৰিকৰ বুলি মন্তব্য কৰি ইতিমধ্যে সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন প্ৰকল্পৰ কাম হাতত লোৱা হৈছে বুলিও জনাই।
ইয়াৰ ভিতৰত ধেমাজিৰ হাবুঙত চলি থকা প্ৰকল্পটো আগন্তুক মে-ডাম মে-ফিত মুকলি কৰা হ’ব। লগতে নাহৰকটীয়াৰ টিপামত এক নতুন প্ৰকল্পৰ কামো আৰম্ভ কৰা হ’ব। অসম চৰকাৰে আটাছুৰ এই নতুন ভৱনৰ আন্তঃগাঁথনি উন্নয়নত সহায় কৰিব। গুৱাহাটীৰ জয়ানগৰত ২কোটি ৫০ লাখ টকা ব্যয়ত নিৰ্মাণ কৰা হৈছে পাচ মহলীয়া এই ভৱনটো।
আজিৰ অনুষ্ঠানত মন্ত্ৰীদ্বয় ডাঃ ৰণোজ পেগু, বিমল বৰা, আটাছুৰ সভাপতি লিটুল বুঢ়াগোহাঁইকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।