সন্দেহযুক্ত উগ্ৰপন্থীৰ দলে অপহৰণ কৰি নিয়া ৩ গৰাকী অ’এনজিচি কৰ্মচাৰীৰ দুগৰাকীক শুকুৰবাৰে নিশা নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
দ্য হিন্দুত প্ৰকাশ পোৱা বাতৰি মতে নাগালেণ্ডৰ মন জিলাৰ পৰা আছাম ৰাইফলছ আৰু অসম আৰক্ষীয়ে যৌথ অভিযান চলাই কৰ্মচাৰী দুগৰাকীক উদ্ধাৰ কৰে।
বাতৰিটোৰ মতে অ’এনজিচিৰ জুনিয়ৰ টেকনিচিয়ান মোহিনী মোহন গগৈ (৩৫) আৰু কনিষ্ঠ অভিযন্তা অলকেশ শইকীয়া (২৮)ক ম্যানমাৰৰ সীমান্তৱৰ্তী মন জিলাৰ এক অঞ্চলৰ পৰা উদ্ধাৰ কৰা হয়।
লগতে পঢ়ক : অ’এনজিচি কৰ্মচাৰীৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত ১৪জনক গ্ৰেপ্তাৰ
অৱশ্যে এই পৰ্য্যন্ত আনজন অপহৃত কৰ্মচাৰী, জুনিয়ৰ টেকনিচিয়ান ৰিতুল শইকীয়াক (৩৩) এই পৰ্য্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। তেওঁক উদ্ধাৰৰ বাবে অভিযান চলাই থকা হৈছে বুলি হৈছে বুলি সেনাৰ একৰাকী বিষয়াই জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে যোৱা ২১ এপ্ৰিলত শিৱসাগৰ জিলাৰ লাকুৱা চাহ বাগিচাৰ ভিতৰত থকা এটা তৈলক্ষেত্ৰৰ পৰা সন্দহযুক্ত উগ্ৰপন্থীয়ে অ’এনজিচিৰ তিনিগৰাকীকৈ কৰ্মচাৰীক অপহৰণ কৰি নিছিল।
অভিযানকাৰী দলটোৱে উদ্ধাৰস্থলীৰ পৰা এটা এ কে-৪৭ ৰাইফল উদ্ধাৰ কৰা বুলি এগৰাকী সেনা বিষয়াই জানিবলৈ দিয়ে ।