অভয়াপুৰীঃ ”Asia Books of records’,’ ”India books of records” ত নাম অন্তৰ্ভুক্ত কৰি সমগ্ৰ অসমৰ লগতে অভয়াপুৰীলৈ সুনাম কঢ়িয়াই আনিলে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ যুৱক বিমোন চক্ৰৱৰ্তীয়ে।
কম সময়ৰ ভিতৰতে মটৰচাইকেল চলাই অসমৰ ২৬ খন জিলা ভ্ৰমণ কৰি Asia books of Records আৰু India books of records ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হল অভয়াপুৰীৰ ১৮ বছৰ বয়সৰ বিমোন চক্ৰৱৰ্তীয়ে।
অতি কম বয়সতে মাক- দেউতাকৰ ভয়ত ঘৰৰ পৰা ওলাই গৈ গোপনে সন্মুখৰ ৰাস্তাত মটৰচাইকেল চলাইছিল বিমোন চক্ৰৱৰ্তীয়ে।
ছয় বছৰ বয়সৰ পৰাই বিমোনৰ আছিল মটৰচাইকেলে চলোৱাৰ প্ৰবল হেঁপাহ। আজি যেন বিমোনৰ সেই হেঁপাহৰ বাবেই সফলতা লাভ কৰিবলৈ সক্ষম হ’ল।
আৰু পঢ়কঃনিজৰ দৰমহাৰ সম্পূৰ্ণ ধনৰাশি সমষ্টিবাসীক উচৰ্গা কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ
পিতৃৰ অজানিতে পিতৃৰ মটৰচাইকেল চলোৱাৰ বাবে বিমোনৰ পিতৃ- মাতৃয়ে ভয় আৰু শংকাত দিন কটাইছিল কিন্তু পিতৃ মাতৃৰ অন্তৰত সেই ভয় আজি আনন্দৰ জোৱাৰ উপচাই দিবলৈ সক্ষম হৈছে।
বিমোন চক্ৰৱৰ্তীৰ এই পদক্ষেপক পূৰ্ণ সঁহাৰি জনোৱা পিতৃ মাতৃক তেওঁ লাভ কৰা সোণ -ৰূপৰ মেডেল পিতৃ- মাতৃৰ ডিঙিত ওলোমাই দিয়ে বিমোনে।
ভৱিষ্যতে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত records কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি ব্যক্ত কৰিছে বিমোন চক্ৰৱৰ্তীয়ে।