অভয়াপুৰীঃ অভয়াপুৰীত ব্যতিক্ৰমী ৰূপত উদযাপন কৰা হ’ল দেৱালী। চহৰখনৰ পীৰাধৰাৰ বুঢ়ী আইৰ থানত দীপাৱলী উৎসৱত মাটিৰ চাকিৰে সাজিলে সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গক। শিল্পী জনাৰ লগতে সজোৱা হৈছে তেওঁৰ জনপ্ৰিয় গীতৰ কলি।

৫ হাজাৰ মাটিৰ চাকিৰে এইদৰে জুবিন গাৰ্গৰ প্ৰতিকৃতি সজোৱা হৈছে । গাঁৱখনৰ যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈকে সকলোৱে আহি এই কাৰ্যসূচীত অংশ লয়। এই কাৰ্যসূচীৰ বাবে গাঁৱৰ বিভিন্ন পৰিয়ালে প্ৰয়োজনীয় মাটিৰ চাকি, মিঠাতেল, শলিতা ইত্যাদি আগবঢ়ায়।

এই দৃশ্য উপভোগ কৰিবলৈ অভয়াপুৰীৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোক উপস্থিত হয় । প্ৰতি বছৰে উদ্যোক্তাই বিভিন্ন থীম লৈ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply