অভয়াপুৰীঃ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিছে বিস্তৃৰ্ণ অঞ্চল ।

ভূটানৰ কুৰিশ্বা বান্ধৰ পানী এৰি দিয়াত প্লাৱিত হ’ল উত্তৰ অভয়াপুৰীৰ প্ৰায় দহ খন গাওঁ।

আনহাতে ৪ আৰু ৬ নং ভাণ্ডাৰা, টেন্টনপুৰ, কাহিবাৰী, সাজালপাৰা, বালাপেট জলমগ্ন হোৱাত প্ৰায় বহুলোকৰ বাসগৃহ পানীৰ তলত।

লগতে পঢ়কঃউত্তৰ মূঢ়াদল গাওঁ পঞ্চায়তৰ গ্ৰাম্য পথৰ নিৰ্মাণৰ শুভাৰম্ভ

৪ আৰু ৬ নং ভাণ্ডাৰাৰ গড়কাপ্তানি পথৰ ওপৰেদি ভাগৰিছে পানী। ভূটান চৰকাৰে কোনো ধৰণৰ আগজাননী নিদিয়াকৈ পানী এৰি দিয়াত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাইজৰ মাজত।

হঠাতে হোৱা বানপানীৰ বাবে এতিয়া দিকবিদিক হেৰুৱাইছে অঞ্চলবাসীয়ে। প্ৰশাসনৰ ফালৰ পৰাও এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে গাওঁবাসীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply