অভয়াপুৰীঃ অভয়াপুৰীৰ বোৱালীমাৰীত খাদ্যত বিষক্ৰিয়া। পূজাৰ মাহ-প্ৰসাদ খাই অসুস্থ দহজনৰ অধিক।
পিন্টু দাস নামৰ এজন লোকৰ ঘৰত অনুষ্ঠিত পূজাৰ মাহ-প্ৰসাদ খাই অসুস্থ হৈ পৰিছিল লোককেইজন।
খাদ্যত বিষক্ৰিয়াৰ ফলত আটাইকেইজন বমি আৰু জ্বৰত ভুগিছিল।
অসুস্থ লোককেইজনক অভয়াপুৰী সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
চিকিৎসকে বৰ্তমান তেওঁলোক সংকটমুক্ত বুলি জনাইছে।