অভয়াপুৰীঃ অভয়াপুৰীৰ সৃজনগ্ৰামত অঘটন । গৰু আনিবলৈ গৈ নদীত সন্ধানহীন  চক্ৰভৌম গাঁও পঞ্চায়তৰ সদস্য ধীৰেশ্বৰ ৰায়। জানিব পৰা মতে, মঙ্গলবাৰে আবলি ৪বজাত সৃজনগ্ৰামৰ ধীৰেশ্বৰ ৰায়ে চেকাটী নদী পাৰ হৈ গৰু আনিবলৈ যাওতে হঠাত নদীৰ পানীয়ে উটুুৱাই লৈ যায়।

ঘটনাস্থলীত লগে লগে স্থানীয় ৰাইজৰ লগতে প্ৰশাসনৰ লোক উপস্থিত হৈ ব্যক্তিজনৰ সন্ধান চলাই যদিও সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।

আজি পুৱা ঘটনাস্থলীত এছডিআৰএফ বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে যদিও ধাৰাষাৰ বৰষুণে কিছু বাধাৰ সৃষ্টি কৰিছে । বৰ্তমানলৈকে ব্যক্তিজনৰ কোনো সন্ধান লাভ কৰিব পৰা হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply