সোণাৰি: চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমান্তত অৱস্থিত অভয়পুৰ সংৰক্ষিত বনাঞ্চলত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাই আজি চাৰিদিন অতিক্ৰম কৰিলে। আজিলৈকে অগ্নি নিৰ্বাপিত হোৱা নাই। বনাঞ্চলখনত নগা দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰাৰ সন্দেহ কৰা হৈছে ৷
ইফালে বনাঞ্চলখনত জুই জ্বলি থকাৰ ফলত বৰ্তমান সীমান্তৱৰ্তী চিংল’পথাৰৰ ৰাইজ আতংকিত হৈ পৰিছে। ইফালে সংৰক্ষিত বনাঞ্চলখনত নগা দুষ্কৃতিকাৰীয় জুই লগাই দিয়াৰ খবৰ পোৱাৰ পাছত বিগত দুটা দিনত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ছিংলপথাৰ গাওঁত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বন বিভাগক জুই নুমোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
ইফালে আজি পুনৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে সোণাৰিৰ মাইবেলাস্থিত আৰ্মি কেম্পৰ বিষয়া, সোণাৰি আৰক্ষী তথা বন বিভাগৰ লোকসকল উপস্থিত হৈ জুই নুমোৱাবলৈ চেষ্টা চলাই।
বন বিভাগৰ ফালৰ পৰা জানিবলৈ দিয়া মতে ৫৬০০ হেক্টৰ সংৰক্ষিত বনাঞ্চল খনত নগালেণ্ডৰ ফালৰ পৰা জুই লাগি আহিছিল।আজিৰ ভিতৰতে জুই নিৰ্বাপিত কৰিব পাৰিব বুলিও জনাই।
স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি জুই নুমুৱা অভিযানত নিজেই প্ৰত্যক্ষ ভাবে জড়িত হৈ কয়, “এইয়া কোনো বনজুই নহয়। নাগালেণ্ডৰ ফালৰ পৰা মাটি দখলৰ বাবে লগাই দিয়া হৈছে। ইতিমধ্যে বনাঞ্চলৰ ৬ কিমি:এলেকা দখল কৰিছে নাগালেণ্ডে।”