সোণাৰিৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত এটা বন শিবিৰ স্থাপন কৰিবলৈ তৎপৰ হৈ পৰিছে বন বিভাগ। এই উদ্দেশ্যে শেহতীয়াকৈ সোণাৰি আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ সহযোগত চৰাইদেউ জিলা প্ৰশাসন আৰু চিআৰপিএফৰ দ্বাৰা এক যৌথ অভিযান চলোৱা হয় বনাঞ্চলখনত।
বনাঞ্চল খনৰ ভিতৰত থকা জয়মতী বন শিবিৰটো ২০০২ চনতেই বন্ধ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত দুষ্কৃতিকাৰীৰ দপদপনি বৃদ্ধি হোৱাৰ লগতে বনাঞ্চলৰ মাটি বেদখল তথা কাঠৰ চোৰাং সৰবৰাহ বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে বিভিন্ন সময়ত।
তেনে সময়তে বন বিভাগে অভিযান চলাই বনাঞ্চল খনৰ ভিতৰত অস্তিত্বহীন জয়মতী বন শিবিৰটো অতি শীঘ্ৰে স্থাপন কৰা হ’ব বুলি মন্তব্য কৰিছে সোণাৰি আঞ্চলিক বন বিষয়াই।
লগতে পঢ়ক জামুগুৰিহাটত দুষ্কৃতিকাৰীয়ে বিহ দি নিধন কৰিলে ৫০টাকৈ হাঁহ