গুৱাহাটী – চূড়ান্ত ৰায়দানৰ দিশে আগবাঢ়িছে ৰাজ্য কঁপোৱা কাৰ্বি আংলংৰ ডকমকাৰ অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। গোচৰটোৰ ৭১ গৰাকী সাক্ষীৰ ৭০ নম্বৰ সাক্ষীৰ সাক্ষ্যগ্ৰহণ কৰে নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতে। বৃহস্পতিবাৰে নীল অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানিত অনুসন্ধানকাৰী আৰক্ষী বিষয়া যতীন চন্দ্ৰ দাসৰ সাক্ষ্য গ্ৰহণ কৰে নগাঁও জিলা ও সত্ৰ ন্যায়ধীশৰ আদালতে।
পৰৱৰ্তী শুনানিত নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতৰ ন্যায়াধীশে পুনৰ সাক্ষ্য গ্ৰহণ কৰিব অনুসন্ধানকাৰী আৰক্ষী বিষয়া যতীন চন্দ্ৰ দাসৰ। যতীন চন্দ্ৰ দাসৰ সাক্ষ্যগ্ৰহণৰ পিছত আৰু এগৰাকী সাক্ষীৰ সাক্ষ্যগ্ৰহণ সম্পূৰ্ণ হলেই চূড়ান্ত হ’ব অভি-নীল হত্যাকাণ্ডৰ বিচাৰপ্ৰক্ৰিয়া।
২০১৮ চনত কাৰ্বিআংলংৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ উন্মত্ত জনতাৰ গণপ্ৰহাৰত প্ৰাণ হেৰুৱাইছিল গুৱাহাটীৰ দুই যুৱক নীলোৎপল দাস আৰু অভিজিৎ নাথে। ইয়াকে লৈ সমগ্ৰ ৰাজ্যতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
ঘটনা সংঘটিত হোৱাৰ পিছতেই এগৰাকী নাবালকসহ মুঠ ৪৭ জনকৈ লোকক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল ডিফু আৰক্ষীয়ে। ইয়াৰ উপৰি অতি কম সময়ৰ ভিতৰতে আদালতত দাখিল কৰিছিল ৰাজ্য কপোৱা নীল অভি হত্যাকাণ্ড গোচৰৰ অভিযোগনামা।
অভিযোগনামাত ৭১ গৰাকী সাক্ষীৰ নাম সন্নিবিষ্ট কৰা হৈছিল। এতিয়া ৭১ গৰাকী সাক্ষীৰ ভিতৰত ৭০ নম্বৰ সাক্ষীৰ সাক্ষ্যগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতেই শেষৰগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব নগাঁও আদালতে।